22 তেওঁ গভীৰ আৰু গোপন বিষয় প্ৰকাশ কৰে, কাৰণ তেওঁ আন্ধকাৰত কি আছে তাক জানে, আৰু তেওঁৰ লগত পোহৰ থাকে।
তেতিয়া যোচেফে ফৰৌণক উত্তৰ দি ক’লে, “এইটো মোৰ বাবে অসাধ্য। ঈশ্বৰেহে ফৰৌণ ৰজাৰ সপোনৰ অর্থ বুজাই দিয়াৰ লগতে মনত শান্তনা দিব।”
তেওঁ আন্ধৰৰ পৰা নিগূঢ় বিষয়বোৰ প্ৰকাশ কৰে, আৰু মৃত্যুচ্ছায়াকো পোহৰলৈ আনে।
তেওঁৰ আগত চিয়োল অনাবৃত, আৰু বিনাশৰ ঠাইৰ ঢাকনি নাই।
বস্ত্ৰৰ দৰে তুমি নিজকে দীপ্তিৰে ঢাকিছা, আকাশমণ্ডলক তুমি চন্দ্ৰতাপৰ দৰে বিস্তৃত কৰিছা।
যি সকলে যিহোৱালৈ ভয় ৰাখে, যিহোৱাই তেওঁলোকৰ লগত বন্ধুত্ব কৰে; আৰু তেওঁ স্থাপন কৰা বিধিবোৰ তেওঁলোকক জনায়।
কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
জ্ঞানৱানৰ তুল্য কোন আছে? যি ঘটে, কোনে তাৰ অৰ্থ বুজাব পাৰে? প্রজ্ঞাই মানুহৰ মুখ উজ্জ্বল কৰে, আৰু তেওঁৰ মুখৰ কঠিনতা পৰিৱৰ্ত্তন কৰিব পাৰে।
তেওঁলোকক তেওঁলোকৰ প্রমাণ আমালৈ আনিবলৈ দিয়া হওক, আৰু আগলৈ কি ঘটিব, তাক আমাৰ আগত প্ৰকাশ কৰিবলৈ দিয়া হওক; সেয়ে আমি এই সকলো ভালদৰে বুজিব পাৰিম। আগেয়ে কৰা ভবিষ্যতবাণী আমাক কোৱা হওক, সেয়ে আমি তেওঁলোকৰ ওপৰত প্রতিফলিত কৰিম আৰু তেওঁলোকে কিদৰে সিদ্ধ কৰিব তাক জানিম।
কোনে ইয়াক আদিৰে পৰা প্ৰকাশ কৰিলে? আৰু কোনে আগতে কৰিলে? সেই কথা জানিবৰ বাবে, যাতে আমি ক’ব পাৰোঁ “তেওঁ সত্য” বাস্তৱিকতে তেওঁলোকৰ কোনোৱে এই আজ্ঞা দিয়া নাছিল, তুমি কোৱা কথা কোনো শুনা নাছিল।
চোৱা, আগৰ কথা ফলিয়ালে এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ; সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।”
মই পোহৰ সৃষ্টি কৰোঁ, আৰু অন্ধকাৰ সৃজন কৰোঁ, মই শান্তি স্থাপন কৰোঁ, আৰু দুর্যোগ সৃষ্টি কৰোঁ, মই এই সকলোকে সিদ্ধ কৰোঁতা যিহোৱা।
যিহোৱাই কৈছে, মই দেখা নোপোৱাকৈ কোনো মানুহ জানো গুপুতে লুকাই থাকিব পাৰে? যিহোৱাই কৈছে, মই জানো স্বৰ্গ আৰু পৃথিৱী ব্যাপি নাথাকোঁ?
‘তুমি মোৰ আগত প্ৰাৰ্থনা কৰা; তাতে মই তোমাক উত্তৰ দিম, আৰু তুমি নজনা মহত আৰু অগম্য কথা তোমাক জনাম।’
মহাৰাজে যি দাবী কৰিছে, সেয়া কঠিন; আৰু মনুষ্যৰ লগত বাস নকৰা দেৱতাবোৰৰ বাহিৰে, আন কোনেও মহাৰাজৰ আগত এই বিষয়ে ক’ব নোৱাৰে।”
সেই ৰাতি দানিয়েলৰ দৰ্শনত সেই নিগূঢ় বিষয় প্ৰকাশিত হ’ল, তেতিয়া দানিয়েলে স্বৰ্গৰ ঈশ্বৰৰ ধন্যবাদ প্রশংসা কৰিলে, আৰু ক’লে,
ৰজাই দানিয়েলক ক’লে, “তোমাৰ ঈশ্বৰ সঁচা, ঈশ্বৰৰো ঈশ্বৰ, ৰজাৰো ৰজা, আৰু নিগূঢ় বিষয় প্রকাশ কৰিব পৰা এজনা, সেয়ে তুমি এই নিগূঢ় কথা বুজিব পাৰিছা।”
পবিত্ৰ দেৱতাবোৰৰ আত্মা থকা এজন মানুহ আপোনাৰ ৰাজ্যত আছে। আপোনাৰ পিতৃ থকা সময়ত জ্ঞান, বিবেচনা, আৰু দেৱতাবোৰৰ প্রজ্ঞাৰ দৰে প্রজ্ঞা তেওঁত বিচাৰি পোৱা গৈছিল। আপোনাৰ পিতৃ, ৰজা নবূখদনেচৰে, তেওঁক শাস্ত্রজ্ঞ, মৃতলোকৰ লগত কথা পতাসকল, জ্ঞানীলোক, আৰু জ্যোতিষী সকলৰ ওপৰত অধ্যক্ষ নিযুক্ত কৰিছিল।
মই আপোনাৰ বিষয়ে শুনিছোঁ যে, আপোনাত দেৱতাবোৰৰ আত্মা আছে, আৰু জ্ঞান, বিবেচনা, আৰু উত্তম প্রজ্ঞা আপোনাত পোৱা যায়।
সেই বাবেই মই তেওঁলোকৰ আগত দৃষ্টান্ত দি কওঁ। কিয়নো, তেওঁলোকে দেখিও নেদেখে, শুনিও নুশুনে আৰু নুবুজেও।
সেই পোহৰ জগতলৈ আহিছিল আৰু সকলো মানুহকে পোহৰ দিয়া, সেই সত্য পোহৰ আছিল।
তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, ‘তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, তুমি মোক ভাল পোৱা নে?’ ইয়াকে ভাবি তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰক চৰোৱা।
ইয়াৰ পাছত যীচুৱে আকৌ লোক সকলৰ লগত কথা কবলৈ ধৰিলে, “মই জগতৰ পোহৰ; যি জন মোৰ পাছে পাছে আহে, তেওঁ আন্ধাৰত নুফুৰি, জীৱনৰ পোহৰ পাব।”
এতেকে আপোনালোকে প্রভু অহাৰ পূর্বেই অর্থাৎ সেই ঠিক কৰা সময়ৰ আগেয়ে একো বিষয়ৰে বিচাৰ নকৰিব। তেৱেঁই আন্ধাৰৰ গুপুত বিষয়বোৰ পোহৰলৈ আনিব আৰু হৃদয়ৰ উদ্দেশ্যবোৰো প্ৰকাশ কৰিব। সেই কালত প্ৰতিজনে ঈশ্বৰৰ পৰা নিজৰ নিজৰ প্ৰশংসা পাব।
সেই নিগূঢ় তত্ব আত্মাৰ দ্বাৰা এতিয়া যিভাৱে তেওঁৰ পবিত্র ভাৱবাদী আৰু পাঁচনি সকলৰ ওচৰত প্রকাশ কৰা হ’ল, আগৰ যুগৰ ব্যক্তি সকলৰ ওচৰত এই ভাবত জনোৱা হোৱা নাছিল।
অত্যন্ত খং, ভয়ঙ্কৰ ক্রোধ আৰু মহা কোপত যিহোৱাই তেওঁলোকক দেশৰ পৰা উঘালি আনি আন দেশত পেলাই দিলে আৰু সেই ঠাইতে আজি তেওঁলোক আছে।’
যি জন একমাত্ৰ অধিকাৰী আৰু অগম্য দীপ্তি-নিবাসী৷ কোনো মানুহে কেতিয়াও তেওঁক দেখা নাই আৰু দেখা পাবও নোৱাৰে৷ তেওঁৰেই সমাদৰ আৰু অনন্ত পৰাক্ৰম হওক। আমেন।
সৃষ্টিৰ একো বস্তুৱেই ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ নহয়; তেওঁৰ চকুৰ আগত সকলোৱেই উদং আৰু মুকলি৷ তেওঁৰ ওচৰত আমি অৱশ্যেই হিচাব দিব লাগিব।
সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ ওপৰৰ পৰাহে আহে, আৰু আকাশৰ জ্যোতিবোৰ সেই পিতৃৰ পৰাই তললৈ নামি আহে৷ ছাঁ যি দৰে সলনি হয়, তেনেদৰে তেওঁৰ কোনো পৰিৱৰ্তন নহয়৷
আমি যি বাৰ্তা তেওঁৰ পৰা শুনি আপোনালোকৰ আগত ঘোষণা কৰিছোঁ, সেই বার্তাই হ’ল, ঈশ্বৰ পোহৰ আৰু তেওঁত আন্ধাৰ অকণ মানো নাই।