কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
জখ 8:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ, |
কিন্তু তেওঁলোকে ঈশ্বৰৰ দূতবোৰক খেঁজেলিয়াইছিল, তেওঁৰ বাক্য তুচ্ছ কৰিছিল আৰু তেওঁৰ ভাববাদীসকলক সিয়াৰিছিল, সেয়েহে শেষত যিহোৱাৰ ক্ৰোধ নিজ প্ৰজাসকললৈ জ্বলি উঠাত, তাক থমাব পৰা আৰু উপায় নাছিল।
বাহিনীসকলৰ যিহোৱাই শপত কৰি কৈছে, “নিশ্চয়ে, মই সঙ্কল্প কৰাৰ দৰে, এইটো মোলৈ ঘটিব; আৰু মই অভিপ্রায় কৰাৰ দৰে সেয়ে হ’ব;
সেই মানুহ, যিহোৱাই ক্ষমা নকৰি উৎপাত কৰা নগৰ কেইখনৰ নিচিনা হওঁক। তেওঁ ৰাতিপুৱা চিঞঁৰ আৰু দুপৰ বেলা উচ্চ-ধ্বনি শুনক।
কাৰণ যিহোৱাই কৈছে, মই তোমালোকৰ বিষয়ে কৰা সঙ্কল্প ময়েই জানো; তোমালোকৰ শেষ-অৱস্থাত তোমালোকক আশা দিবলৈ সেয়ে মঙ্গলৰ সঙ্কল্প, অমঙ্গলৰ নহয়।
তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
মই, যিহোৱায়ে ইয়াক কলোঁ যে এয়ে ঘটিব আৰু মই ইয়াক সিদ্ধ কৰিম! মই দয়া নকৰিম আনকি ক্ষান্তও নহ’ম। তোমাৰ আচৰণ আৰু কাৰ্য অনুসাৰে তোমাক দণ্ড দিয়া হ’ব!” এইয়াই প্ৰভু যিহোৱাৰ ঘোষণা।
কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”