15 তেনেকৈ আকৌ এই কালত যিৰূচালেমৰ আৰু যিহূদা-বংশৰ মঙ্গল কৰিবলৈ সঙ্কল্প কৰিছোঁ! তোমালোকে ভয় নকৰিবা!
তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
কিয়নো যিহোৱাই এই কথা কৈছে: মই লোকসকললৈ যেনেকৈ এই সকলো মহা-আপদ ঘটালোঁ, তেনেকৈ মই তেওঁলোকলৈ প্ৰতিজ্ঞা কৰা সকলো মঙ্গলো ঘটাম।
তোমালোক যেতিয়া মিচৰৰ পৰা ওলাই আহিলা, তেতিয়া প্রতিজ্ঞাবোৰ অন্তৰ্ভুক্ত কৰাৰ দ্বাৰাই, মই তোমালোকৰ সৈতে নিয়ম স্থাপন কৰিলোঁ। আৰু মোৰ আত্মা তোমালোকৰ মাজত স্থিতি ল’লে; সেয়ে তোমালোকে ভয় নকৰিবা।
জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা, হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ, তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!”
হে তাকৰ জাকটি, ভয় নকৰিবা, কিয়নো তোমালোকক ৰাজ্য দিবলৈ, তোমালোকৰ পিতৃ প্ৰসন্ন হৈছে।