জখ 5:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’ আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব। আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।” |
তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব; সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব।
সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
সেই বাবে অভিশাপে পৃথিৱী গ্ৰাস কৰিলে, আৰু তাৰ নিবাসীসকলক দোষী পোৱা গ’ল। পৃথিৱী নিবাসীসকল দগ্ধ হ’ল, আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল।
চোৰ ধৰা পৰিলে যেনেকৈ সি লাজত পৰে, তেনেকৈ ইস্ৰায়েল বংশই লাজ পাইছে। তেওঁলোক, তেওঁলোকৰ ৰজা, অধ্যক্ষ, পুৰোহিত আৰু ভাববাদীসকলে লাজ পাইছে।
কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।
কিয়নো প্রভু যিহোৱাই এই কথা কৈছে, “তেওঁলোকে ন্যায় কাৰ্য কৰিব নাজানে; তেওঁলোকৰ দুর্গবোৰৰ ভিতৰত তেওঁলোকে অত্যাচাৰ আৰু লুট-দ্রব্য সাঁচি থৈছে।
তেতিয়া তেওঁ মোক ক’লে, “গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এয়ে অভিশাপ, কিয়নো যিয়ে চুৰ কৰে, সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ’ব আৰু যিয়ে মিছা শপত খায়, সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ’ব।
তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে।
বাহিনীগণৰ যিহোৱাই কৈছে, “তেতিয়া মই বিচাৰ কৰিবৰ কাৰণে তোমালোকৰ ওচৰলৈ আহিম; সেই সময়ত মায়াবী, ব্যভিচাৰী, মিছা সাক্ষী আৰু যিসকলে বনুৱাৰ পাৰিশ্রমিকত অন্যায় কৰে, বিধৱা আৰু পিতৃহীনক অত্যাচাৰ কৰে, বিদেশীৰ প্রতি অবিচাৰ কৰে আৰু যিসকলে মোক ভয় নকৰে, সেই লোকসকলৰ বিৰুদ্ধে মই এক দ্রুত সাক্ষী হৈ আহিম।”
আপোনালোকে ঘিণলগীয়া কোনো বস্তু নিজৰ ঘৰলৈ আনি তাৰ উপাসনা নকৰিব। সেইবোৰক আপোনালোকে মনে-প্রাণে ঘৃণা আৰু তুচ্ছ কৰিব, কাৰণ সেইবোৰক ধ্বংসৰ বাবে পৃথক কৰা হৈছে।
সেইবাবে আমি তেওঁলোকৰ প্ৰতি এইদৰে কৰিম: আমাৰ প্ৰতি হ’বলগীয়া ক্ৰোধৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিম, কাৰণ আমি তেওঁলোকৰ আগত শপত খাইছিলো।”