15 সি নিজৰ ঘৰত আউজিব, কিন্তু সেয়ে থিৰে নৰব; সি খামোচ মাৰি ধৰিব, কিন্তু সেয়ে নাথাকিব।
যি তম্বুতেই সি আশ্ৰয় লব, সেই তম্বুৰেই পৰা তাক তুলি নিয়া হ’ব; ত্ৰাসবোৰৰ ৰজাৰ ওচৰলৈ তাক নিয়া হ’ব।
সি নিজৰ ঘৰ পোকৰ দৰে সাজে, আৰু খেতি-ৰখীয়া টঙিৰ দৰে নিৰ্ম্মাণ কৰে।
সেই কালত তোমাক ঘিণ কৰোঁতাবোৰক লজ্জাৰূপ বস্ত্ৰ পিন্ধোৱা হ’ব; আৰু দুষ্টবোৰৰ তম্বু নাথাকিব।”
দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।
তেওঁলোকৰ মৈদাম, তেওঁলোকৰ ঘৰ-বাৰী চিৰস্থায়ী, তেওঁলোকৰ আবাসবোৰ পুৰুষানুক্ৰমে থাকিব, সেয়ে নিজৰ নামেৰেই তেওঁলোকে মাটিৰ নাম দিয়ে।
সৎ কাৰ্য কৰা জনৰ আশা আনন্দ জনক; কিন্তু দুষ্টবোৰৰ বছৰবোৰ কম হ’ব।
দুষ্টলোকৰ ঘৰ ধ্বংস কৰা হ’ব; কিন্তু ন্যায়পৰায়ণ লোকৰ তম্বু মঙ্গলে থাকিব।
তোমালোকে লো-দেবাৰত ব্যর্থ আনন্দ কৰিছা; তোমালোকে কোৱা, “আমি জানো নিজৰ শক্তিৰে কার্নয়িম অধিকাৰ কৰা নাই?”
বাহিনীসকলৰ যিহোৱাই কৈছে, ‘ইয়াক মই উলিয়ালোঁ,’ আৰু সেয়ে চোৰৰ ঘৰত আৰু মোৰ নামেৰে মিছা শপত খোৱাজনৰ ঘৰত সোমাব। আৰু সেয়ে তাৰ ঘৰৰ মাজত থাকি কাঠ আৰু শিলে সৈতে তাক বিনষ্ট কৰিব।”