ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
গীত 92:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব। |
ডকাইতবোৰৰ তম্বু কুশলে থাকে; যাৰ হাতত ঈশ্বৰে অধিক ধন সম্পত্তি শোধাই দিছে, ঈশ্বৰৰ বিৰক্ত জন্মোৱা এনেবোৰ লোক নিৰ্ব্বিঘ্নে থাকে।
তেতিয়া মই অজ্ঞান আৰু মনৰ কল্পনা অভাব বোধ কৰিছিলোঁ; তোমাৰ সাক্ষাতে অচেতন হোৱা পশুৰ নিচিনা আছিলোঁ।
অশিক্ষিত সেই লোকসকল যেতিয়া বিপথে যায়, তেতিয়া তেওঁলোকৰ মৃত্যু হয়। মূৰ্খৰ নিৰপেক্ষতাই তেওঁলোকক ধ্বংস কৰিব।
তাৰ নিবাসীসকল দুৰ্বল আছিল; তেওঁলোক চূৰ্ণবিচূৰ্ণ হৈ লজ্জিত হৈছিল। তেওঁলোকে পথাৰত সেউজীয়া ঘাঁহ ৰুইছিল, পূবদিশৰ বতাহৰ আগত। ঘৰৰ চালত বা পথাৰত গজা ঘাঁহৰ দৰে।
আমি এতিয়া গৰ্ব্বী লোকসকলক ধন্য বোলোঁ; হয়, দুষ্টাচাৰীসকল প্রতিষ্ঠিত হৈছে আৰু তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিও ৰক্ষা পাইছে।”
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “কিয়নো চোৱা, সেই দিন আহিছে; সেয়ে অগ্নিশালৰ নিচিনাকৈ জ্বলিব। সেই দিনা সকলো গৰ্ব্বী ও দুষ্টাচাৰী লোক নৰাৰ নিচিনা হ’ব; যি দিন আহি আছে, সেই দিনে তেওঁলোকক পুৰি পেলাব; এডাল শিপা কি ডাল একোকে অৱশিষ্ট নথকাকৈ তেওঁলোকক পুৰি পেলাব।
কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে;