গীত 78:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম। |
যাতে মই উচ্চস্বৰে প্রশংসাৰ গীত গাই তোমাক ধন্যবাদ জনাব পাৰোঁ; তোমাৰ আচৰিত কৰ্মবোৰ প্ৰচাৰ কৰিব পাৰোঁ।
মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
পাছত তোমালোকৰ পুত্ৰই যেতিয়া ‘ইয়াৰ অৰ্থ কি’ বুলি সুধিব?’ তেতিয়া তুমি তাক ক’বা যে, “যিহোৱাই বাহুবলেৰে মিচৰৰ বন্দী ঘৰৰ পৰা আমাক উলিয়াই আনিলে।
সেই দিনা তোমালোকে আপোনালোকৰ সন্তান সকলক ক’বা, ‘যেতিয়া মিচৰৰ পৰা আমি ওলাই আহিলোঁ, তেতিয়া যিহোৱাই আমাৰ বাবে যি কৰিছিল, সেই কাৰ্যৰ কাৰণে এইদৰে কৰা হৈছে।’
আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব।
তোমালোকে নিজ নিজ সন্তান সকলক এই বিষয়ে কোৱা, আৰু তেওঁলোকেও নিজ নিজ সন্তান সকলক কওঁক, আৰু তেওঁলোকৰ সন্তান সকলেও তেওঁলোকৰ ভাবী সন্তান সকলক কওঁক।
আপোনালোকৰ নিজৰ সন্তানসকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিব।
যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে আপোনালোকে নিজৰ বিষয়ে সতর্কতাৰে চলি আপোনালোকৰ আত্মাক যত্নেৰে সুৰক্ষা দিব; আপোনালোকে নিজ চকুৰে যি যি দেখিলে, সেইবোৰ যেন পাহৰি নাযায় আৰু আপোনাৰ হৃদয়ৰ পৰা যেন সেইবোৰ লুপ্ত নহয়। অৱশ্যেই আপোনালোকে আপোনালোকৰ সন্তান-সন্ততি আৰু আপোনালোকৰ নাতি-নাতিনীসকলক এই সকলোবোৰৰ বিষয়ে শিকাব।
আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।