Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 11:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 আপোনালোকৰ নিজৰ সন্তানসকলক সকলো সময়তে, ঘৰত বহোঁতে বা বাটত যাওঁতে, শোওঁতে বা উঠোতে বা কোনো কার্য কৰোঁতে সেইবোৰৰ বিষয়ে শিক্ষা দিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 11:19
12 পৰস্পৰ সংযোগসমূহ  

আপোনালোকে নিজৰ সন্তান সকলক যত্নেৰে সেইবোৰ শিকাব; আপুনি ঘৰত বহোঁতে বা বাটত যাওঁতে, আৰু শোওঁতে বা উঠোতে, সেইবোৰৰ বিষয়ে কথা-বতৰা হ’ব।


হে সন্তান সকল আহাঁ, তোমালোকে মোৰ বাক্য শুনা; মই তোমালোকক যিহোৱাৰ ভয় শিকাম।


আজি মই যেনেকৈ কৰিছোঁ, তেনেকৈ জীৱিত লোকেহে আপোনাক ধন্যবাদ দিব পাৰে; পিতৃয়ে সন্তান সকলক আপোনাৰ বিশ্বাসযোগ্যতা জানিব দিব।


হে মোৰ পুত্র তুমি যদি মোৰ কথা গ্ৰহণ কৰা, আৰু মোৰ আজ্ঞাবোৰ তোমাৰ সৈতে সংৰক্ষিত কৰি ৰাখা,


হে পিতৃ সকল, আপোনালোকে নিজ নিজ সন্তান সকলৰ খং নোতোলোব; কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুশাসনত তেওঁলোকক প্ৰতিপালন কৰক।


তেওঁলোকৰ বংশৰ সন্তান সকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম; আমি ভাবী প্রজন্মৰ ওচৰত যিহোৱাৰ গৌৰৱপূর্ণ কার্যবোৰৰ কথা ক’ম; তেওঁৰ পৰাক্রমৰ কথা আৰু তেওঁ যি সকলো আচৰিত কার্য কৰিলে, সেই সকলো কথা ক’ম।


সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।


তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক’লো, তাক আপোনালোকে মনত গাঠি ৰাখক যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰে।


তেওঁলোকেই তোমাক শিক্ষা দি নক’ব নে? আৰু তেওঁলোকৰ অন্তৰৰ পৰা বাক্য নুলিয়াব নে?


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন