গীত 74:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা। |
তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
হে মোৰ কপৌ, তুমি শিলৰ ফাটত, পাহাৰৰ গড়াৰ গুপুত ঠাইত লুকাই আছা। মোক তোমাৰ মুখ চাবলৈ দিয়া; তোমাৰ কণ্ঠৰ স্বৰ শুনিবলৈ দিয়া; কিয়নো তোমাৰ মাত মধুৰ আৰু তোমাৰ মুখ অতি সুন্দৰ।” ৰমণীসকলৰ প্রতি উক্তি:
প্ৰিয়া মোৰ, কিমান যে সুন্দৰী তুমি! তুমি সুন্দৰী। ওৰণিৰ ভিতৰত তোমাৰ দুচকু কপৌৰ নিচিনা; তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা নামি অহা ছাগলীৰ জাকৰ নিচিনা।
কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।
কিন্তু মই তোমাৰ মাজত এক নম্র আৰু দুখী দৰিদ্ৰ জাতিক অৱশিষ্ট ৰাখিম; তেওঁলোকে যিহোৱাৰ নামত নিৰ্ভৰ কৰিব।
শুনা! মই ৰাংকুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ-পোৱালিৰ নিচিনাকৈ পঠিয়াইছো; এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা অমায়িক হোৱা।