Biblia Todo Logo
অনলাইন বাইবেল
- বিজ্ঞাপন -




গীত 68:13 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।

অধ্যায়টো চাওক কপি কৰক




গীত 68:13
22 পৰস্পৰ সংযোগসমূহ  

ইচাখৰ বলৱান গাধ; সি দুটা গঁৰালৰ মাজত শোৱে।


তেতিয়া লোকসকলে বাহিৰলৈ গৈ অৰামীয়াসকলৰ ছাউনি লুট কৰিলে; তাতে যিহোৱাৰ বাক্যৰ দৰে, এক চেয়া পৰিমাণৰ ময়দা এক চেকল ৰূপত আৰু দুই চেয়া পৰিমান যৱ ধান এক চেকল ৰূপত বিক্রী হ’ল।


পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।


কিয়নো যিহোৱাই নিজৰ লোকসকলক লৈ আনন্দ পায়; তেওঁ নম্ৰসকলক উদ্ধাৰ কৰি সন্মানিত কৰে।


তোমাৰ প্রিয় কপৌৰ প্ৰাণ বনৰীয়া জন্তুক শোধাই নিদিবা; তোমাক অপদস্থ কৰা সকলৰ জীৱনৰ কথা চিৰকাললৈকে নাপাহৰিবা।


“মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।


চূণ, বালি আৰু পানী মিহলাই তৈয়াৰ কৰোঁৱা বোকাৰে ইটা প্রস্তুত কৰা, আৰু পথাৰৰ সকলো বিধৰ কামৰ দ্বাৰাই তেওঁলোকৰ জীৱন তিক্ত কৰিছিল। তেওঁলোকে কৰিব লগা সকলো কামেই কঠিন আছিল।


তোমাৰ পালবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাস্তুল থিৰকৈ ধৰি ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে; সেই কালত অনেক লুটদ্ৰব্য ভাগ বাটি দিয়া হ’ল, লেঙেৰায়ো লুটদ্ৰব্য নিলে।


আৰু সেইবোৰ দুভাগ কৰি, এভাগ ৰণলৈ যোৱা লোকসকল আৰু এভাগ গোটেই মণ্ডলীৰ মাজত ভাগ কৰি দিয়া;


তেওঁ গাহৰিয়ে খোৱা দানাৰে তৃপ্ত হবলৈ বৰ হেপাঁহ কৰিলে, কাৰণ তাতে তেওঁক কোনেও একো খাবলৈ দিয়া নাছিল।


কিন্তু বাপেকে দাসবোৰক ক’লে, ‘আটাইতকৈ উত্তম বস্ত্ৰ বেগাই আনি এওঁক পিন্ধাই দে; এওঁৰ হাতত আঙঠি, ভৰিত জোতা দে;


আপোনালোকে জানে, যেতিয়া আপোনালোক মূৰ্তিপূজক আছিল, তেতিয়া নিৰ্ব্বাক মূৰ্তিবোৰৰ ওচৰলৈ গৈছিল।


কিয়নো পূর্বে আমিও নির্ব্বোধ, আজ্ঞা নমনা, ভ্ৰান্ত, নানা বিধ অভিলাষ আৰু সুখভোগৰ সেৱাকর্ম কৰা, হিংসা আৰু ঈৰ্ষাত কাল নিওৱা, ঘৃণনীয় আৰু পৰস্পৰে ঘৃণাকাৰী আছিলোঁ।


আৰু সেই পাঁচজন ৰজা পলাই গৈ, মক্কেদাৰ গুহাত লুকাই থাকিল।


তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল।


ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন