গীত 65:7 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে; |
অৱশ্যে তোমাৰ ক্ৰোধ বিচাৰেই সেই লোকসকলৰ প্ৰশংসাৰ কাৰণ হ’ব; তুমি সম্পূৰ্ণকৈ উপহাস কৰি ক্রোধ সোঁৱৰণ কৰিবা।
তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
যিহোৱাই ৰাজত্ব কৰে, তেওঁ মহিমাৰে সজ্জিত; যিহোৱা সুসজ্জিত; তেওঁ পৰাক্ৰমেৰে নিজৰ কঁকাল বান্ধিলে; জগতখনো তেওঁ লৰচৰ হ’ব নোৱাৰাকৈ স্থাপন কৰিলে।
তেওঁ নিজ শক্তিৰে, পৃথিৱী স্ৰজন কৰিলে, নিজ জ্ঞানেৰে জগত স্থাপন কৰিলে, আৰু নিজ বুদ্ধিৰে আকাশ-মণ্ডল বিস্তাৰ কৰিলে।
এই বুলি কৈ তেওঁলোকে যোনাক দাঙি নি সাগৰত পেলাই দিলে, তেতিয়া সমুদ্ৰৰ ভয়ানক মূর্তি নাইকিয়া হ’ল।
কিন্তু যিহোৱাই সাগৰলৈ প্রবল বতাহ পঠিয়াই দিলে; তাতে সাগৰত ভয়ঙ্কৰ ধুমুহা হ’ল আৰু জাহাজ খন ভাঙি যোৱাৰ উপক্রম হ’ল।
যেতিয়া তেওঁ তেওঁলোকক ক’লে, “ময়েই সেই জন”, তেতিয়া তেওঁলোক পাছ হুঁহকি আহিল আৰু মাটিত পৰি গ’ল।