গীত 61:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে ঈশ্বৰ, মোৰ ক্রন্দন শুনা; মোৰ প্ৰাৰ্থনালৈ কাণ দিয়া। |
হে যিহোৱা, তুমি ন্যায় কথা শুনা; মোৰ কাতৰোক্তিলৈ মনোযোগ দিয়া; ছলনাকাৰী ওঁঠেৰে নকৰা মোৰ প্ৰাৰ্থনালৈ কাণ পাতা।
সহায়ৰ কাৰণে মই যেতিয়া তোমাৰ আগত কাতৰোক্তি কৰোঁ, তোমাৰ মহা পবিত্ৰ স্থানৰ ফাললৈ হাত দাঙো, তেতিয়া তুমি মোৰ নিবেদন শুনা।
হে মোৰ ধাৰ্মিকতাৰ ঈশ্বৰ, মই যেতিয়া তোমাক মাতো, তেতিয়া তুমি মোক উত্তৰ দিয়া। বিপদে যেতিয়া মোক হেঁচি ধৰিলে, কিন্তু তুমিয়ে মোক বহল ঠাই দিলা; মোক কৃপা কৰা; মোৰ প্ৰাৰ্থনা শুনা।
আপোনালোকে একোলৈ চিন্তা নকৰিব, কিন্তু সকলো বিষয়তে আপোনালোকৰ যাচনা, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে সৈতে ঈশ্বৰৰ আগত জনোৱা হওক।