গীত 6 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 20196 অধ্যায় প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত তাঁৰযুক্ত যন্ত্ৰেৰে গোৱা দায়ুদৰ ৰচিত গীত। 1 হে যিহোৱা, তুমি খঙত মোক ধমকি নিদিবা; তোমাৰ ক্রোধত মোক শাসন নকৰিবা। 2 হে যিহোৱা, মোক কৃপা কৰা, কিয়নো মই দুর্বল; হে যিহোৱা মোক সুস্থ কৰা, কিয়নো মোৰ হাড়বোৰ ভয়তে কঁপিছে। 3 মোৰ প্ৰাণো ভয়তে ব্যাকুল হৈছে; হে যিহোৱা, এইদৰে কিমান কাললৈ হৈ থাকিব? 4 হে যিহোৱা, মোলৈ ঘূৰি চোৱা, মোৰ প্ৰাণ ৰক্ষা কৰা; তোমাৰ অসীম প্রেমেৰে মোক উদ্ধাৰ কৰা। 5 মৃত্যু হ’লে তোমাক সোঁৱৰণ কৰা নহয়; চিয়োলত কোনে তোমাৰ প্ৰশংসা কৰিব? 6 মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়। 7 দুখতে মোৰ চকুৰ দৃষ্টি কমি গৈছে; শত্রুবোৰৰ কাৰণে মোৰ চকু দুৰ্বল হৈছে। 8 হে দুষ্ট কার্য কৰা লোকবিলাক, তোমালোক সকলোৱেই মোৰ ওচৰৰ পৰা দূৰ হৈ যোৱা; কিয়নো যিহোৱাই মোৰ ক্ৰন্দন শুনিছে। 9 যিহোৱাই মোৰ নিবেদন শুনিলে; তেওঁ মোৰ প্ৰাৰ্থনা গ্ৰহণ কৰিছে। 10 মোৰ সকলো শত্রুবোৰ লজ্জিত হ’ব আৰু ভয়তে ব্যাকুল হ’ব; সিহঁত ঘূৰি যাব আৰু হঠাৎ লাজত পৰিব। |
Creative Commons License
Indian Revised Version (IRV) - Assamese (ভারতীয় সংশোধিত সংস্করণ - আসামি), 2019 by Bridge Connectivity Solutions Pvt. Ltd. is licensed under a Creative Commons Attribution-ShareAlike 4.0 International License. This resource is published originally on VachanOnline, a premier Scripture Engagement digital platform for Indian and South Asian Languages and made available to users via vachanonline.com website and the companion VachanGo mobile app.
Bridge Connectivity Solutions Pvt. Ltd.