গীত 13:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 হে যিহোৱা, আৰু কিমান কাল? তুমি চিৰকালেই মোক পাহৰি থাকিবা নেকি? মোৰ পৰা কিমান দিনলৈ তুমি তোমাৰ মুখ লুকুৱাই ৰাখিবা? |
হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
হে ঈশ্বৰ, তুমি কিয় আমাক এইদৰে পৰিত্যাগ কৰিলা? তোমাৰ চৰণীয়া পথাৰৰ মেৰ-ছাগ জাকৰ বিৰুদ্ধে তোমাৰ ক্ৰোধাগ্নি কিয় জ্বলিছে?
হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?
তুমি চিৰকালেই আমাৰ ওপৰত ক্ৰোধ কৰি থাকিবা নেকি? সৰ্ব্ব পুৰুষলৈকে তুমি তোমাৰ ক্ৰোধ ধৰি ৰাখিবা নেকি?
হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
পুৱাতে তোমাৰ গভীৰ প্রেমেৰে আমাক তৃপ্ত কৰা, যেন আয়ুস থাকেমানে গোটেই জীৱনত আমি আনন্দ আৰু উল্লাস কৰিব পাৰোঁ।
কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে, আৰু তোমালোকৰ পাপবোৰেই তোমালোকৰ পৰা তেওঁৰ মুখ ঢাকিছে, সেই বাবে তেওঁ নুশুনে।
যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?