মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”
তেতিয়া আচা’ই তেওঁৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, তুমি সহায় কৰিবলৈ গ’লে, তোমাৰ আগত বলী আৰু নিৰ্ব্বলীৰ মাজত একো ভেদ নাই। হে আমাৰ ঈশ্বৰ যিহোৱা, আমাক সহায় কৰা; কিয়নো আমি তোমাৰ ওপৰত ভাৰসা কৰোঁ আৰু তোমাৰ নামেৰেই এই লোকাৰণ্যৰ বিৰুদ্ধে আহিলোঁ। হে যিহোৱা, তুমিয়েই আমাৰ ঈশ্বৰ; তোমাৰ আগত মৰ্ত্ত্য প্ৰবল নহওঁক৷”
কুচীয়া আৰু লুবীয়া লোকসকল অতিশয় অধিক ৰথ আৰু অশ্বাৰোহী সৈন্যে সৈতে মহা-সৈন্য সমূহ জানো নাছিল? তথাপি তুমি যিহোৱাৰ ওপৰত নিৰ্ভৰ কৰাৰ বাবে, তেওঁ তোমাক তেওঁলোকৰ ওপৰত জয়ী হবলৈ দিছিল।
মই উত্তৰ দিলোঁ, “মোৰ দৰে মানুহ এজনে পলাব নে? আৰু মোৰ দৰে মানুহ এজনে মাত্র জীয়াই থাকিবলৈ মন্দিৰৰ ভিতৰলৈ সোমাব নে? মই ভিতৰলৈ নাযাওঁ।”
হে ঈশ্বৰ, তুমি মোক ৰক্ষা কৰা, কিয়নো মই তোমাতেই আশ্ৰয় লৈছোঁ।
হে মোৰ ঈশ্বৰ, মই তোমাতেই ভাৰসা কৰিছোঁ; তুমি মোক লাজত পৰিবলৈ নিদিবা; মোৰ শত্রুবোৰক মোৰ ওপৰত উল্লাস কৰিবলৈ নিদিবা।
কিন্তু, হে যিহোৱা, মই তোমাতেই ভাৰসা কৰিছোঁ; মই কওঁ, “তুমিয়েই মোৰ ঈশ্বৰ।”
মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
হে মোৰ ঈশ্বৰ যিহোৱা, মই তোমাতেই আশ্ৰয় লৈছোঁ! মোৰ পাছে পাছে খেদি অহাবোৰৰ পৰা মোক ৰক্ষা কৰা, মোক উদ্ধাৰ কৰা।
নহ’লে, সিংহৰ দৰে তেওঁলোকে মোক ছিন্ন-ভিন্ন কৰিব, সিহঁতে মোক ডোখৰ ডোখৰ কৰিব, কিন্তু মোক ৰক্ষা কৰিবলৈ কোনো নাথাকিব।
যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
‘আমি বীৰ আৰু যুদ্ধৰ বাবে পৰাক্ৰমী মানুহ, বুলি তোমালোকে কেনেকৈ ক’ব পাৰা?
কিছু সময়ৰ পাছত কেইজনমান ফৰীচীয়ে আহি তেওঁক ক’লে, “তুমি ইয়াৰ পৰা অাতৰি যোৱা; কাৰণ হেৰোদে তোমাক বধ কৰিবলৈ বিচাৰি আছে।”
দায়ূদক ৰখি থাকিবলৈ তেওঁৰ ঘৰলৈ বাৰ্তাবাহক পঠালে যাতে তেওঁ ৰাতিপুৱা দায়ূদক বধ কৰিব পাৰে। দায়ূদৰ ভাৰ্যা মীখলে তেওঁক ক’লে, “আপুনি যদি আজি ৰাতিয়েই নিজ প্ৰাণ ৰক্ষা নকৰে, তেনেহলে কাইলৈ আপোনাক তেওঁ বধ কৰিব।”
পাছত যোনাথনে ল’ৰাজনক মাতি ক’লে, “বেগাই দৌৰি আহ। তাত ৰৈ নাথাকিবি।” তেতিয়া সেই ল’ৰাজনে কাঁড়বোৰ বুটলি আনি যোনাথানৰ ওচৰলৈ আহিল।
দায়ূদে তাৰ পৰা মোৱাবৰ মিস্পালৈ গ’ল। তেওঁ মোৱাবৰ ৰজাক ক’লে, “বিনয় কৰোঁ, ঈশ্বৰে মোলৈ কি কৰিব, তাক জ্ঞাত নহওঁমানে, মোৰ পিতৃ-মাতৃক আপোনাৰ লগত থাকিবলৈ দিয়ক।”
দায়ূদে মৰুপ্ৰান্তৰ দুৰ্গম ঠাই, পৰ্ব্বতীয়া অঞ্চলৰ জীফ মৰুপ্ৰান্তত বাস কৰিলে; তাতে চৌলে সদায় তেওঁক বিচাৰিলে, কাৰণ চৌল সদায় তেওঁৰ অপেক্ষাত আছিল, কিন্তু ঈশ্বৰে তেওঁৰ হাতত তেওঁক সমৰ্পণ নকৰিলে।
পাছত দায়ূদে মনতে ভাবিলে, ‘মই এতিয়া কোনো এদিন চৌলৰ হাতত বিনষ্ট হ’ম। পলেষ্টীয়াসকলৰ দেশলৈ পলাই যোৱাৰ বাহিৰে, মোৰ আন কোনো উপায় নাই; তালৈ গ’লে চৌলে ইস্ৰায়েলৰ সকলো অঞ্চলত মোক বিচাৰিবলৈ ক্ষান্ত হ’ব, আৰু মই তেওঁৰ হাতৰ পৰা ৰক্ষা পাম’।