তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
গীত 107:34 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে। |
তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
কিমান দিন দেশে শোক কৰিব, আৰু সমস্ত দেশৰ তৃণ শুকাই থাকিব? নিবাসীসকলৰ দুষ্টতাৰ বাবে পশু আৰু পক্ষীবোৰ সংহাৰ হৈছে; কাৰণ, আমাৰ অন্তিম কাল কোনেও নেদেখিব বুলি তেওঁলোকে কৈছে।
আৰু তুমি দেশৰ লোকসকলক কোৱা, ‘ইস্ৰায়েল দেশত থকা যিৰূচালেম-নিবাসীসকলৰ বিষয়ে প্ৰভু যিহোৱাই এই কথা কৈছে: তাৰ নিবাসী আটাইবোৰৰ অত্যাচাৰৰ কাৰণে তাত থকা সকলো নষ্ট হৈ তেওঁলোকৰ দেশ উচ্ছন্ন হ’বৰ কাৰণে, তেওঁলোকে সাৱধানেৰে তেওঁলোকৰ আহাৰ ভোজন কৰিব আৰু বিস্ময়েৰে তেওঁলোকৰ জল পান কৰিব।