12 এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়।
আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”
তেওঁ ফলৱান দেশক লোণাময় অনুর্বৰ ভূমি কৰে, সেই ঠাইৰ নিবাসীসকলৰ দুষ্টতাৰ কাৰণে তেওঁ এই সকলো কৰে।
তেওঁলোকৰ সন্তানবোৰে পথে পথে ভিক্ষা কৰি ফুৰক, উচ্ছন্ন বাসস্থানৰ পৰা দূৰলৈ গৈ আহাৰ বিচাৰি ফুৰক।
যদি কোনো মানুহ আনৰ ৰক্তপাতত দোষীসাব্যস্ত হয়, তেওঁ মৃত্যুলৈকে পলাই ফুৰে; আৰু কোনেও তেওঁক সহায় নকৰে।
মোৰ ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিব, কিয়নো তেওঁলোক তেওঁৰ আজ্ঞাৰ বাধ্য নহ’ল; তেওঁলোক বিভিন্ন জাতিবোৰৰ মাজত যাযাবৰী হৈ ঘূৰি ফুৰিব।
পথাৰবোৰ নষ্ট হ’ল, ভূমিয়ে শোক কৰিছে। কিয়নো শস্য নষ্ট কৰা হ’ল, নতুন দ্ৰাক্ষাৰস শুকাল, আৰু তেল নাইকিয়া হ’ল।
আৰু মই তোমালোকলৈ কোন্দোৱাকৈ চাম, তাতে তোমালোক তোমালোকৰ শত্ৰুবোৰৰ আগত ঘাটিবা, তোমালোকক ঘিণাওঁতাবোৰে তোমালোকৰ ওপৰত শাসন কৰিব, আৰু কোনেও তোমালোকক নেখেদিলেও তোমালোক পলাই যাবা।
তাতে তোমালোকৰ পৰিশ্ৰম বিফল হ’ব; কিয়নো তোমালোকৰ ভুমিয়ে শস্য উৎপন্ন নকৰিব; আৰু দেশৰ গছবোৰত গুটি নালাগিব।
আৰু শত্ৰুৰ দেশত থকা তোমালোকৰ মাজৰ অৱশিষ্ট লোকসকলৰ মনলৈ ব্যাকুলতা পঠিয়াম; আৰু সৰি পৰা পাতৰ শব্দেয়ো তেওঁলোকক পলুৱাব; যেনেকৈ তৰোৱালৰ আগৰ পৰা পলাই তেনেকৈ পলাব; আৰু কোনেও তোমালোকক খেদি নিনিলেও তোমালোক পতিত হ’বা।
কাৰণ সৃষ্টি খন যে আপোন ইচ্ছাৰে অসাৰতাৰ বশীকৃত হ’ল, এনে নহয়; কিন্তু বশকৰ্ত্তাৰ কাৰণেহে হ’ল; সেয়ে এই আশাৰে হ’ল যে,
কিন্তু মই আজি আপোনালোকক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যি যি আজ্ঞা দিছোঁ, সেই সকলোকে পালন কৰি সেই মতে কাৰ্য কৰিবলৈ যদি আপোনালোকে তেওঁৰ বাক্যলৈ কাণ নিদিয়ে, তেন্তে এই সকলো শাও আপোনালোকৰ ওপৰত পৰিব, আৰু আপোনালোকত ফলিয়াব।