ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।
গালাতীয়া 2:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?” |
ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।
তোমালোকে বাস্তৱিকতে ধৰ্মৰ কথা কবলগীয়া সময়ত নীৰৱ হৈ থকা নাই নে? হে শাসকসকল, তোমালোকে জানো ন্যায় ভাৱে ন্যায় বিচাৰ কৰা?
কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে।
যি জনে সিদ্ধতাৰূপ পথত খোজ দিয়ে, তেওঁ সুৰক্ষিত হৈ চলে, কিন্তু যিজনে নিজৰ পথ কুটিলতাৰে পূৰ্ণ কৰে, তেওঁক বিচাৰি উলিওৱা হ’ব।
যিসকলে তেওঁক সন্তুষ্ট কৰে তেওঁলোকৰ বাবে তেওঁ নিৰ্ভৰযোগ্য প্রজ্ঞা সংগ্রহ কৰে, যি সকলে সত্যতাত চলে তেওঁলোকৰ বাবে তেওঁ ঢালস্বৰূপ।
তুমি নিজ ভাইক নিজ মনত ঘিণ নকৰিবা; তুমি নিজ চুবুৰীয়াক চুবুৰীয়াৰ কাৰণে পাপৰ ভাৰ নব’বলৈ, অৱশ্যে তেওঁক সতৰ্ক কৰিবা।
তেওঁলোকক কলে, “বিধান বিহীন জাতিৰ কোনো মানুহৰ লগ লোৱা নাইবা তেওঁৰ তালৈ যোৱা যে যিহুদী মানুহৰ বাবে নিষেধ, ইয়াক আপোনালোকে জানে৷ কিন্তু কোনো মানুহক বৰ্জিত বা অশুচি নুবুলিবলৈ ঈশ্বৰে মোক দেখুৱালে৷
যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।”
আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।
কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”
স্বভাৱতে কোনো বস্তু যে অশুচি নহয়, ইয়াক মই জানো আৰু প্ৰভু যীচুত দৃঢ় বিশ্বাস কৰোঁ; কিন্তু যি জনে যি বস্তু অশুচি বুলি জ্ঞান কৰে, তেওঁলৈ সেই বস্তু অশুচি হয়।
ইয়াৰ তিনি বছৰৰ পাছত, মই কৈফাৰে সৈতে চিনা পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থকিলোঁ।
খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
কিন্তু শুভবার্তাৰ সত্য যেন আপোনালোকৰ লগত থাকে, সেয়ে এক মুহূর্তৰ কাৰণেও সেই ভণ্ড বিশ্বাসী ভাই সকলৰ বশ্যতা স্বীকাৰ কৰি তেওঁলোকৰ বশৱর্তী নহ’লো।
এই মান্যৱন্ত লোক সকলে দেখিলে যে ঈশ্বৰে মোক অচুন্নৎ সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব দিছে, যেনেকৈ চুন্নৎ হোৱা সকলৰ ওচৰত শুভবার্তা প্রচাৰৰ দায়িত্ব পিতৰৰ ওপৰত দিছিল।
যেতিয়া মান্য হিচাপে খ্যাত নেতা যাকোব, কৈফা আৰু যোহনে বুজি পালে যে মই ঈশ্বৰৰ পৰা বিশেষ অনুগ্ৰহ পাইছোঁ, তেতিয়া মোক আৰু বাৰ্ণব্বাক কৰমর্দন কৰি তেওঁলোকৰ সহভাগিতাত গ্রহণ কৰিলে। তেওঁলোক ৰাজী হ’ল যে, আমি অনা-ইহুদী সকলৰ ওচৰলৈ যাম আৰু তেওঁলোক চুন্নৎ হোৱা সকলৰ ওচৰলৈ যাব;
যি সকল লোকে মাংসিক ৰূপে ভাল প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সেই সকলেহে আপোনালোকক চুন্নৎ হবলৈ বাধ্য কৰাই, কিন্তু তেওঁলোকে খ্ৰীষ্টৰ ক্ৰুচৰ অৰ্থে তাড়না নাপাবৰ কাৰণেহে ইয়াকে কৰে।
সেইদৰে আপোনালোকৰ কাৰণেও আশা-ধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে৷ আপোনালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য প্ৰথমে শুনিলে;
এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান; এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্ম-বিধি মাত্ৰ৷