Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




পাঁচনি 15:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 কিন্তু ফৰীচী সকলৰ মাজৰ পৰা অহা কেইগৰাকীমান বিশ্বাসী থিয় হ’ল আৰু ক’লে, “অনা-ইহুদী বিশ্বাসী সকলৰ চুন্নৎ কৰা আৱশ্যক আৰু মোচিৰ বিধান পালন কৰিবলৈ তেওঁলোকক আজ্ঞা দিয়া হওক।”

অধ্যায়টো চাওক কপি কৰক




পাঁচনি 15:5
14 পৰস্পৰ সংযোগসমূহ  

যিহূদা প্রদেশৰ পৰা কেইজনমান লোক আহি বিশ্বাসী ভাই সকলক এই শিক্ষা দিলে যে, “মোচিৰ বিধান অনুসাৰে চুন্নৎ কার্য নকৰিলে, আপোনালোকে উদ্ধাৰ নাপাব।”


এই কাৰ্যবোৰ শুনি তেওঁলোকে ঈশ্বৰৰ প্ৰশংসা কৰিলে আৰু তেওঁক কলে, “হে ভাই, তুমি জানা যে, ইহুদী লোকৰ মাজত বিশ্বাস কৰা সকলৰ যি লোক আছে আৰু তেওঁলোক সকলোৱে বিধানত উৎসাহী।


আমি শুনিবলৈ পাইছো যে, আমাৰ মাজৰ পৰা গৈ কেইজনমান লোকে আমাৰ আজ্ঞাৰ অবিহনে আপোনালোকক শিক্ষা দি মন অস্থিৰ কৰিছে আৰু আপোনালোকক নানা সমস্যাৰ মাজত পেলাইছে।


কিয়নো আমি দেখিবলৈ পালোঁ, যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদী সকলৰ মাজত ৰাজদ্ৰোহ কৰাওঁতা আৰু নাচৰতীয়া সকলৰ দলৰ অগ্ৰণী৷


যোহনে যেতিয়া দেখিলে যে অনেক ফৰীচী আৰু চদ্দূকী সকল বাপ্তিস্মৰ কাৰণে তেওঁৰ ওচৰলৈ আহিছে, তেতিয়া তেওঁ তেওঁলোকক ক’লে, “সৰ্পৰ বংশধৰ সকল! আগলৈ যি ক্রোধ হব লগা আছে, তাৰ পৰা পলাবৰ বাবে আপোনালোকক কোনে চেতনা দিলে?


কিন্তু মহা-পুৰোহিত আৰু তেওঁৰ লগৰ অর্থাৎ চদ্দূকী দলৰ লোক সকল ঈর্ষাত জ্বলি উঠিল


কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে, বিধান-শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি, এখেত সকলে যি পথক বিধৰ্ম বোলে, সেই পথ অনুসাৰে মই ওপৰ-পুৰুষ সকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাববাদী সকলৰ পুস্তকত যি যি লিখা আছে, সেই সকলোকে বিশ্বাস কৰোঁ৷


কিন্তু তোমাৰ মত কি, সেই বিষয়ে আমি তোমাৰ পৰা শুনিবলৈ খোজো; কিয়নো এই মতৰ বিষয়ে আমি জানো যে, ই সকলো ঠাইতে নিন্দিত হৈছে৷”


কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই।


কৈফা যেতিয়া আন্তিয়খিয়ালৈ আহিল, তেতিয়া মই তেওঁৰ সন্মুখতে তেওঁৰ সাৱধান কৰিলোঁ; কাৰণ তেওঁ দোষ কৰিছিল।


কিন্তু মই যেতিয়া দেখিলোঁ যে, তেওঁলোক শুভবার্তাৰ সত্যতা অনুসাৰে সৰল পথত চলা নাই, তেতিয়া মই কৈফাক সকলোৰে সন্মুখত ক’লো, “আপুনি এজন ইহুদী হৈয়ো যদি ইহুদী সকলৰ দৰে আচৰণ নকৰি, অনা-ইহুদী সকলৰ দৰে আচৰণ কৰে, তেনেহলে যি সকল অনা-ইহুদী তেওঁলোকক ইহুদী সকলৰ দৰে জীৱন-ধাৰণ কৰিবলৈ জোৰ কৰিছে কিয়?”


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন