গননা 9:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে। |
তোমাৰ ইচ্ছাৰ কার্য সিদ্ধ কৰিবলৈ তুমি শিকোৱা, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ; তোমাৰ মংগলময় আত্মাৰে মোক সমান পথত চলাই নিয়া।
মই তোমাক বুদ্ধি দিম; তুমি যাবলগীয়া পথ মই তোমাক শিকাম; তোমাৰ ওপৰত মই দৃষ্টি ৰাখি পৰামৰ্শ দিম।
ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।
মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।
পাছে তম্বুৰ ওপৰৰ পৰা সেই মেঘ ওপৰলৈ নিয়া হ’লে, ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰে। আৰু সেই মেঘ যি ঠাইত ৰখে, ইস্ৰায়েলৰ সন্তান সকলেও সেই ঠাইতে ছাউনি পাতি থাকে।
আৰু কোনো কোনো সময়ত মেঘ সন্ধ্যাপৰৰ পৰা ৰাতিপুৱালৈকে থাকে। আৰু ৰাতিপুৱা ওপৰলৈ নিয়া হ’লে, তেওঁলোকে যাত্ৰা কৰে। দিনত কি ৰাতিয়েই হওক, মেঘ ওপৰলৈ নিয়া হ’লেই তেওঁলোকে যাত্ৰা কৰে।
এদিন পাঁচনি সকলৰ সৈতে সমবেত হোৱা সময়ত তেওঁ এই আজ্ঞা দিলে, “তোমালোকে যিৰূচালেম এৰি নাযাবা, কিন্তু মোৰ পৰা পিতৃৰ যি প্ৰতিজ্ঞা শুনিলা, সেই প্ৰতিজ্ঞালৈকে বাট চাই থাকা।