Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 8:20 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

20 মোচি, হাৰোণ আৰু ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে লেবীয়াসকললৈ এই দৰে কৰিলে। যিহোৱাই লেবীয়াসকলৰ বিষয়ে মোচিক দিয়া সকলো আদেশ অনুসাৰেই, ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকলৈ এই কাৰ্য কৰিলে।

অধ্যায়টো চাওক কপি কৰক




গননা 8:20
7 পৰস্পৰ সংযোগসমূহ  

আৰু সাক্ষাৎ কৰা তম্বুত ইস্ৰায়েলৰ সন্তান সকলে কৰিবলগীয়া কাৰ্য কৰিবলৈ আৰু ইস্ৰায়েলৰ সন্তান সকলক প্ৰায়শ্চিত্ত কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দানস্বৰূপে দিলোঁ; যাতে ইস্ৰায়েলৰ সন্তান সকলে পবিত্ৰ স্থানৰ ওচৰ চাপিলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত কোনো আপদ নঘটিব।”


লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।


সেয়ে ইস্ৰায়েলৰ সকলো লোকে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।


কিন্তু বিধানৰ নিয়ম চন্দুক থকা আবাস, তাৰ সকলো বস্তু আৰু তাৰ সম্পৰ্কীয় সকলোৰে ওপৰত লেবীয়াসকলক যত্ন লবলৈ নিযুক্ত কৰিবা। তেওঁলোকে নিয়ম চন্দুকৰ আবাস আৰু তাৰ আটাই বস্তুৰ ভাৰ বৈ নিব লাগিব। তেওঁলোকে তাৰ পৰিচৰ্যা কৰি আবাসৰ চাৰিওফালে তম্বু তৰি থাকিব লাগিব।


ইস্ৰায়েলৰ সন্তানসকলে সেইদৰে এই সকলোকে কৰিলে। যিহোৱাই মোচিৰ দ্ৱাৰাই দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে আটাই কাৰ্য কৰিলে।


তেতিয়া তেওঁলোকে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনা সন্ধ্যাপৰত চীনয় মৰুভূমিত নিস্তাৰ-পৰ্ব্ব পালন কৰিলে। যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই, ইস্ৰায়েলৰ সন্তান সকলে সেই সকলোকে কৰিলে।


দুদিন বা এমাহ, নাইবা এবছৰ হওক, যিমান দিন আবাসৰ ওপৰত মেঘে ৰখি থাকে ইস্ৰায়েলৰ সন্তান সকলেও সিমান দিন যাত্ৰা নকৰি ছাউনিত থাকে। কিন্তু তাক ওপৰলৈ নিয়া হ’লেই, তেওঁলোকে যাত্ৰা কৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন