বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
গননা 8:14 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব। |
বাহিনীসকলৰ যিহোৱাই কৈছে, “তেওঁলোক মোৰেই হ’ব; মই কাৰ্য কৰাৰ দিনা তেওঁলোক মোৰ নিজৰ বিশেষ সম্পত্তি হ’ব; মানুহে যেনেকৈ নিজৰ সেৱাকাৰী পুতেকক মৰম কৰি শাস্তিৰ পৰা ৰেহাই দিয়ে, ময়ো তেওঁলোকক ৰেহাই দিম।
আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।
“চোৱা, মই ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক ল’লো। ইস্ৰায়েলৰ সন্তান সকলৰ মাজত গৰ্ভভেদ কৰি অহা প্ৰথমে জন্ম পোৱা সকলৰ সলনি লবলৈ মই ইয়াকে কৰিলোঁ। এই হেতুকে লেবীয়াসকল মোৰেই হ’ব।
“তুমি ইস্ৰায়েলৰ সন্তান সকলৰ প্ৰথমে জন্মা আটাই লোকৰ সলনি লেবীয়া সকলক লোৱা। আৰু তেওঁলোকৰ পশুবোৰৰ সলনি লেবীয়া সকলৰ পশুবোৰ লোৱা। লেবীয়া সকল মোৰেই হ’ব। ময়েই যিহোৱা।
আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল।
“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো পুৰুষ বা স্ত্ৰীয়ে যেতিয়া যিহোৱাৰ উদ্দেশ্যে বিশেষ নাচৰীয়া ব্ৰত ধৰিবৰ অৰ্থে পৃথকে থাকিব,
এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
কাৰণ মানুহেই হওঁক বা পশুৱেই হওঁক, ইস্ৰায়েলৰ মাজত প্ৰথমে জন্মা সকলো মোৰেই; যিদিনা মই মিচৰ দেশৰ পৰা প্ৰথমে জন্মা সকলোকে মাৰিলোঁ, সেই দিনা মোৰ কাৰণে তেওঁলোকক পবিত্ৰ কৰিছিলোঁ।।
মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস আৰু ঈশ্বৰৰ শুভবাৰ্তাৰ কাৰণে পৃথক হোৱা আমন্ত্ৰিত পাঁচনি;
সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
এনেকুৱা নিষ্পাপ, শুদ্ধ, পবিত্ৰ, পাপী সকলৰ পৰা পৃথক হোৱা এজন মহা-পুৰোহিত আমাৰ বাবে প্রয়োজন আছিল। আকাশ-মণ্ডলৰ উর্দ্ধতো তেওঁক তুলি নিয়া হৈছিল।