13 এইদৰে তুমি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ আগত লেবীয়াসকলক উপস্থিত কৰাবা আৰু তেওঁলোকক মোৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
লেবীয়াসকলে নিজ নিজ কাপোৰ ধুই নিজকে পাপৰ পৰা মুক্ত কৰিলে; আৰু হাৰোণে তেওঁলোকক যিহোৱাৰ উৎসৰ্গ কৰিলে, আৰু তেওঁলোকক শুচি কৰিবৰ অৰ্থে তেওঁলোকক প্ৰায়শ্চিত্ত কৰিলে।
ইস্ৰায়েলৰ সন্তান সকলৰ পক্ষে হাৰোণে মোৰ আগত লেবীয়াসকলক উৎসৰ্গ কৰিব যাতে তেওঁলোক মোৰ সেৱাৰ কাৰ্যত নিযুক্ত হ’ব।
অনা-ইহুদী সকলে যেন পবিত্ৰ আত্মাৰ দ্বাৰাই পবিত্ৰীকৃত নৈবেদ্য স্বৰূপে পৰম গ্ৰহণীয় হয়, এই আশয়েৰে, মই অনা-ইহুদী সকলৰ বাবে খ্ৰীষ্ট যীচুৰ সেৱকৰূপে, ঈশ্বৰৰ শুভবাৰ্তাৰ পৰিচৰ্যা কৰিবলৈ পালোঁ৷
এতেকে, হে ভাই সকল, ঈশ্বৰৰ সকলো দয়াৰ দ্বাৰাই মই আপোনালোকক এই মিনতি কৰোঁ যে, আপোনালোকে নিজ নিজ শৰীৰক ঈশ্বৰৰ গ্ৰহণীয়, জীৱিত, আৰু পবিত্ৰ বলি স্বৰূপে উৎসৰ্গ কৰক; এয়েই আপোনালোকৰ যুক্তিসঙ্গত আৰাধনা।
আৰু চোৱা, মই ময়েই তোমালোকৰ ভাই লেবীয়াসকলক ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা গ্ৰহণ কৰিলোঁ। সাক্ষাৎ কৰা তম্বুৰ সেৱাকৰ্ম কৰিবৰ অৰ্থে, যিহোৱাৰ উদ্দেশ্যে তেওঁলোকক তোমালোকলৈ দান দিয়া হ’ল।
পাছত লেবীয়াসকলে সেই দুটা দমৰা ষাঁড়-গৰুৰ মূৰত হাত দিব; আৰু তুমি লেবীয়াসকলক প্ৰায়শ্চিত্ত কৰিবৰ কাৰণে, যিহোৱাৰ উদ্দেশ্যে এটা দমৰা ষাঁড়-গৰু পাপাৰ্থক বলিস্বৰূপে আৰু আনটো হোম বলিস্বৰূপে উৎসৰ্গ কৰিবা।
এইদৰে তুমি ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ পৰা লেবীয়াসকলক পৃথক কৰিবা; আৰু লেবীয়াসকল মোৰেই হ’ব।