গননা 33:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ইস্ৰায়েলৰ সন্তান সকলে মোচি আৰু হাৰোণৰ অধীনত নিজ সৈন্যদল অনুসাৰে মিচৰ দেশৰ পৰা ওলাই আহোঁতে, তেওঁলোকে যি যি যাত্ৰা কৰিছিল, সেই সকলো যাত্ৰাৰ বিৱৰণ এই। |
ইস্ৰায়েলী লোকসকল ৰামিচেচৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ’ল। মহিলা আৰু সন্তানৰ ওপৰিও তেওঁলোকৰ ছয় লাখমান পদাতিক পুৰুষ আছিল।
এইদৰে যিহোৱাই সেই দিনাই ইস্ৰায়েলৰ লোক সকলক সৈন্যৰ দলেৰে সৈতে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।
সেয়ে ঈশ্বৰে লোকসকলক মৰুভুমিৰ মাজেৰে চূফ সাগৰলৈকে লৈ গ’ল। ইস্ৰায়েলী লোক সকলে যুদ্ধৰ বাবে সুসজ্জিত হৈ মিচৰ দেশৰ পৰা ওলাই গ’ল।
এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”
কাৰণ মই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলোঁ, আৰু বন্দীঘৰৰ পৰা তোমালোকক মুক্ত কৰিলোঁ; মই তোমালোকৰ ওচৰলৈ মোচি, হাৰোণ, আৰু মিৰিয়মক পঠিয়াইছিলোঁ।
মোচিয়ে যিহোৱাৰ আজ্ঞামতেই তেওঁলোকৰ সকলো যাত্ৰা অনুসাৰে তেওঁলোকে থাকি ৰাওনা হোৱা ঠাইৰ তালিকা লিখিলে। তেওঁলোকে থাকি ৰাওনা হোৱা ঠাই অনুসাৰে তেওঁলোকৰ এই এই যাত্ৰা।
তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।
যাকোব মিচৰলৈ অহাৰ পাছত, যেতিয়া তোমালোকৰ পূৰ্ব-পুৰুষসকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মোচি আৰু হাৰোণক পঠালে; তেওঁলোকে মিচৰৰ পৰা তোমালোকৰ পূৰ্বপুৰুষসকলক উলিয়াই আনিলে আৰু এই ঠাইতে তেওঁলোকক নিবাস কৰিবলৈ দিলে।