Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




যিহো 24:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।

অধ্যায়টো চাওক কপি কৰক




যিহো 24:5
13 পৰস্পৰ সংযোগসমূহ  

সেয়ে মোৰ ইস্ৰায়েলী লোকসকলক মিচৰৰ পৰা উলিয়াই আনিবলৈ, মই এতিয়া তোমাক ফৰৌণৰ ওচৰলৈ পঠাওঁ।”


যি জনাই মিচৰৰ প্ৰথমে জন্মাসকলক আঘাত কৰিলে, তেওঁৰ ধন্যবাদ কৰা, কাৰণ তেওঁৰ প্রেম অনন্তকাল স্থায়ী।


এইদৰে যিহোৱাই সেই দিনাই ইস্ৰায়েলৰ লোক সকলক সৈন্যৰ দলেৰে সৈতে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।


ইস্ৰায়েলী লোকসকল ৰামিচেচৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ’ল। মহিলা আৰু সন্তানৰ ওপৰিও তেওঁলোকৰ ছয় লাখমান পদাতিক পুৰুষ আছিল।


মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।


মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিবৰ বাবে মিচৰৰ ৰজা ফৰৌণক কোৱা লোক সকল মোচি আৰু হাৰোণেই হয়।


চাৰিশ ত্ৰিশ বছৰৰ শেষৰ দিনা, যিহোৱাৰ বাহিনীৰ সকলো দল মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিছিল।


এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন