গননা 31:48 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল। |
ইস্ৰায়েলৰ সন্তান সকলৰ পৰা সেই আধা ভাগৰ পৰা মানুহ আৰু পশুৰ পঞ্চাশটা পঞ্চাশটাৰ মাজৰ এটা এটা লৈ মোচিক দিয়া যিহোৱাৰ আজ্ঞা অনুসাৰে তেওঁ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিলে।
তেওঁলোকে তেওঁক কলে, “আপোনাৰ এই দাসবোৰে নিজৰ নিজৰ অধীনে থকা সৈন্যবোৰৰ লেখ ল’লে আৰু আমাৰ মাজৰ এজনো হেৰোৱা নাই।
তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।