Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




দ্বি.বি. 20:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 তাৰ পাছত বিষয়াসকলে সৈন্যবোৰক ক’ব, “তোমালোকৰ মাজত নতুন ঘৰ সাজি প্ৰতিষ্ঠা নকৰাকৈ থকা কোনো লোক আছে নেকি? যদি আছে, তেন্তে তেওঁ নিজৰ ঘৰলৈ উলটি যাওক; নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, মৰিলে, আন কোনোবাই সেই ঘৰ প্ৰতিষ্ঠা কৰিব।

অধ্যায়টো চাওক কপি কৰক




দ্বি.বি. 20:5
8 পৰস্পৰ সংযোগসমূহ  

যিৰূচালেমৰ দেৱাল উৎসৰ্গ কৰাৰ সময়ত, লেবীয়াসকল যি ঠাইত আছিল, তাৰ পৰাই উচ্চ-ধ্বনি কৰিছিল। আনন্দ, ধন্যবাদ প্রাৰ্থনা, স্তুতিগীত, তাল, বেহেলা, ও বীণাৰে উৎসৰ্গ উৎসৱ পালন কৰিবলৈ লেবীয়া সকলক যিৰূচালেমলৈ আনিছিল।


এই দহ লদা পনীৰ তেওঁলোকৰ সেনাপতিজনৰ বাবে লৈ যোৱা। আৰু তোমাৰ ককায়েৰাহঁতৰ মঙ্গল সুধিবা, আৰু তেওঁলোকৰ পৰা কোনো চিন আনিবা।


ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।


সেয়ে মই আপোনালোকৰ ফৈদবোৰৰ পৰা জ্ঞানৱান আৰু সুখ্যাতিপূর্ণ লোকসকলক লৈ আপোনালোকৰ ওপৰত মুখিয়াল পাতিলো। প্রত্যেক ফৈদৰ পৰা হাজাৰপতি, শতপতি, পঞ্চাশপতি, দশপতি আৰু অন্যান্য পদাধিকাৰী ব্যক্তিক নিযুক্ত কৰিলোঁ।


তাৰ পাছত সহস্ৰপতি আৰু শতপতি, সৈন্য সমূহৰ হাজাৰ হাজাৰৰ ওপৰত সেই সেনাপতিসকল মোচিৰ ওচৰলৈ আহিল।


তেতিয়া যুদ্ধৰ পৰা উভটি অহা সহস্ৰপতি আৰু শতপতি, এই সেনাপতিসকলৰ ওপৰত মোচিৰ খং উঠিল।


হে যিহোৱা, মই তোমাৰ প্ৰশংসা কৰিম; কিয়নো তুমিয়েই মোক উঠাই আনিলা। মোৰ শত্রুবোৰক তুমি মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিলা।


দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ নকৰাকৈ কোনো লোক আছে নেকি? তেৱোঁ নিজ ঘৰলৈ উলটি যাওঁক। নহ’লে তেওঁৰ যুদ্ধত মৃত্যু হ’লে, আনে তাৰ ফল ভোগ কৰিব।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন