কিন্তু যিহোৱাই মোৰ ওচৰলৈ আহি ক’লে, ‘তুমি অনেকৰ ৰক্তপাত কৰিলা, আৰু বহুতো যুদ্ধ কৰিলা। তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাসাজিবা, কিয়নো পৃথিবীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা।
গননা 31:19 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তোমালোকে সাত দিনলৈকে ছাউনিৰ বাহিৰত ছাউনি পাতি থাকা; তোমালোকৰ যিমান লোকে বধ কৰিছা বা হত হোৱা লোককো চুইছা, তোমালোকৰ সেই সকলোৱে আৰু বন্দী কৰি অনা লোকসকলক তৃতীয় আৰু সপ্তম দিনা শুচি কৰা। |
কিন্তু যিহোৱাই মোৰ ওচৰলৈ আহি ক’লে, ‘তুমি অনেকৰ ৰক্তপাত কৰিলা, আৰু বহুতো যুদ্ধ কৰিলা। তুমি মোৰ নামৰ উদ্দেশ্যে গৃহ নাসাজিবা, কিয়নো পৃথিবীত মোৰ সাক্ষাতে তুমি অনেকৰ ৰক্তপাত কৰিলা।
কিন্তু ছোৱালীসকলৰ মাজৰ যিবোৰে পুৰুষৰে সৈতে কেতিয়াও শয়ন কৰা নাই, তেওঁলোকক তোমালোকে নিজৰ কাৰণে ৰাখা।
আৰু সকলো কাপোৰ, ছালেৰে সজা বা মেৰ-ছাগৰ নোমেৰে যুগুত কৰা বা কাঠেৰে সজা আটাই বস্তুৰ বিষয়ে তোমালোকে নিজৰ কাৰণে শুচি কৰা।”
“তুমি প্ৰতিজন কুষ্ঠৰোগীক, আৰু গাৰ ঘাৰ পৰা কিবা বৈ থকা প্ৰতিজন ৰোগীক, আৰু মৰা শ চুই অশুচি হোৱা প্ৰতিজন লোককে ছাউনিৰ পৰা বাহিৰ কৰিবলৈ, ইস্ৰায়েলৰ সন্তান সকলক আজ্ঞা দিয়া।