কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।
গননা 3:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আবাসৰ কাৰ্য কৰি সাক্ষাৎ কৰা তম্বুৰ আটাই বস্তুৰ বাবে যি যি যত্ন ল’ব লগীয়া আৰু ইস্ৰায়েলৰ সন্তান সকলৰ যি যি কৰিব লগীয়া, তাত তেওঁলোকে সহায় কৰিব লাগিব। |
কাৰণ দায়ূদৰ শেষ বাক্যৰ অনুসাৰে বিশ বছৰ আৰু তাতকৈ ওপৰৰ বয়সৰ লেবীয়া সকলক গণনা কৰা হ’ল।
হে মোৰ বোপাহঁত, তোমালোকে এতিয়া অৱহেলা নকৰিবা, কিয়নো তোমালোকে যেন যিহোৱাৰ আগত থিয় হৈ তেওঁৰ পৰিচৰ্যা কৰা আৰু তেওঁৰ পৰিচাৰক ও ধূপ জ্বলাওঁতা হোৱা, এই কাৰণে তেওঁ তোমালোককেই মনোনীত কৰিলে।”
তোমালোকে এৰি যোৱা, এৰিযোৱা; তাৰ পৰা ওলাই যোৱা, কোনো অশুচি বস্তু নুচুবা; তাৰ মাজৰ পৰা ওলাই যোৱা; তোমালোক যিসকলে যিহোৱাৰ পাত্ৰ কঢ়িয়াইছা, নিজকে শুচি কৰা।
পাছে আবাস ভঙা হ’ল, আৰু গেৰ্চোনৰ সন্তান সকলে আৰু মৰাৰীৰ সন্তান সকলে সেই আবাস ভাৰ বৈ প্ৰস্থান কৰিলে।
পাছে পবিত্ৰ স্থানৰ বস্তু ভাৰ বওঁতা কহাতীয়া লোকসকলে প্ৰস্থান কৰিলে। আৰু তেওঁলোকে গৈ নৌ পাওঁতেই, আন লোকসকলে আবাস স্থাপন কৰিলে।
আবাসৰ পৰিচৰ্যা কৰি, সাক্ষাৎ কৰা তম্বুৰ আগত হৰোণৰ আৰু গোটেই ইস্রায়েলৰ হৈ যি যি কৰিবলগীয়া আছে, সেয়া তেওঁলোকে সম্পন্ন কৰিব লাগিব।
আৰু তুমি লেবীয়াসকলক হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক দিবা। ইস্ৰায়েলৰ সন্তান সকলৰ পৰিচর্যাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে তেওঁলোকক তেওঁলৈ দিয়া হ’ল।
আৰু ইস্ৰায়েলৰ সন্তান সকলৰ আধা ভাগৰ পৰা মানুহ, গৰু, গাধ আৰু মেৰ-ছাগৰ জাক আদি আটাই প্ৰাণীৰেই পঞ্চাশটা পঞ্চাশটাৰ মাজৰ পৰা এটা লৈ যিহোৱাৰ আবাসৰ ৰখীয়া লেবীয়াসকলক দিয়া।”
ছাউনি উঠিব যাব লগা সময়ত, হাৰোণ আৰু তেওঁৰ পুত্ৰসকলে পবিত্ৰ স্থান আৰু ইয়াৰ সকলো বস্তু ঢকাৰ পাছত, কহাতৰ সন্তান সকলে তাক বৈ নিবলৈ আহিব লাগিব। কিন্তু তেওঁলোকে যদি পবিত্ৰ বস্তুবোৰ স্পৰ্শ কৰে, তেনেহলে তেওঁলোক মৰিব লাগিব। এইবোৰেই কহাতৰ সন্তান সকলৰ সাক্ষাৎ কৰা তম্বুৰ বস্তুবোৰ বৈ নিয়া কাম আছিল।
গেৰ্চোনৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এয়ে। আৰু তেওঁলোকে কৰিব লগা কাম হাৰোণৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।
মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য এয়ে। তেওঁলোকৰ কাৰ্য হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।”