Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




গননা 4:33 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 মৰাৰীৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে তেওঁলোকৰ সকলো কাৰ্য অনুসাৰে সাক্ষাৎ কৰিব লগা তম্বুৰ কৰিব লগা কাৰ্য এয়ে। তেওঁলোকৰ কাৰ্য হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।”

অধ্যায়টো চাওক কপি কৰক




গননা 4:33
7 পৰস্পৰ সংযোগসমূহ  

গেৰ্চোনৰ সন্তানসকলৰ গোষ্ঠীৰ লোকসকলে সাক্ষাৎ কৰা তম্বুৰ কৰিব লগা কাম এয়ে। আৰু তেওঁলোকে কৰিব লগা কাম হাৰোণৰ পুত্ৰ ঈথামৰৰ জিম্মাত থাকিব।


এনে কি, এজন মানুহে নিজৰ ভায়েকক নিজৰ পিতৃৰ ঘৰত ধৰি ক’ব, “তোমাৰ এটা বস্ত্ৰ আছে, আমাৰ শাসনকৰ্ত্তা হোৱা, আৰু এই ধ্বংস তোমাৰ অধীনত হওঁক।”


পাছত যিহোচূৱাই পুৰোহিতসকলক ক’লে, “তোমালোকে নিয়ম-চন্দুক তুলি লোৱা আৰু লোকসকলৰ আগে আগে যোৱা।” তেতিয়া তেওঁলোকে নিয়ম-চন্দুক তুলি ল’লে আৰু লোকসকলৰ আগে আগে যাবলৈ ধৰিলে।


আৰু চোতালৰ চাৰিওফালে থকা খুঁটা, সেইবোৰৰ চুঙী, খুটি, ৰছী আৰু তাৰ আটাই কাৰ্যৰ হাতিয়াৰ; তোমালোকে নাম ধৰি ধৰি, তেওঁলোকে বৈ নিব লগা সকলো বস্তু তেওঁলোকক গতাই দিবা।


পাছত মোচি, হাৰোণ আৰু মণ্ডলীৰ অধ্যক্ষসকলে কহাতৰ সন্তান সকলৰ গোষ্ঠী আৰু পিতৃ-বংশ অনুসাৰে গণনা কৰিলে।


মোচিৰ নিৰ্দেশ অনুসাৰে, সাক্ষ্য ফলি থকা আবাসৰ সকলো বস্তুৰ সংখ্যাৰ বৃত্তান্ত লিখিবলৈ পুৰোহিত হাৰোণৰ পুত্ৰ ঈথামৰে লেবীয়া সকলক আদেশ দিলে।


তেওঁ মৰাৰীৰ সন্তান সকলক চাৰিখন গাড়ী আৰু আঠটা ষাঁড়-গৰু হাৰোণ পুৰোহিতৰ পুত্ৰ ঈথামৰৰ দায়িত্বত দিলে। তেওঁলোকৰ কাৰ্যৰ প্রয়োজন অনুসাৰে মোচিয়ে এনে কৰিলে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন