এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷
গননা 20:17 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 বিনয় কৰোঁ, তোমাৰ দেশৰ মাজেদি আমাক যাবলৈ দিয়া। আমি শস্য ক্ষেত্ৰ বা দ্ৰাক্ষা-ক্ষেত্ৰেদি নাযাওঁ আৰু নাদৰ পানীও পান নকৰোঁ, কেৱল ৰাজবাটেদি যাম। তেতিয়ালৈকে তোমাৰ দেশৰ সীমা পাৰ নহোৱালৈকে, সোঁহাতে কি বাওঁহাতে নুঘূৰিম।” |
এতিয়া চাওঁক, সেই অম্মোনৰ আৰু মোৱাবৰ সন্তান সকল আৰু চেয়ীৰ পৰ্ব্বতীয়া লোকসকলে যেতিয়া মিচৰ দেশৰ পৰা ওলাই অাহিছিল তেতিয়া আপুনি তেওঁলোকৰ দেশত ইস্ৰায়েলক সোমাবলৈ নিদিলে; তেতিয়া ইস্ৰায়েলে তেওঁলোকৰ পৰা এফলীয়া হ’ল আৰু তেওঁলোকক বিনষ্ট নকৰিলে৷
পাছত দক্ষিণ অঞ্চলত থকা অৰাদৰ কনানীয়া ৰজাই অথাৰীমৰ বাটেদি ইস্ৰায়েল আহিছে বুলি শুনি, তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰি তেওঁলোকৰে কিছুমান লোকক বন্দী কৰি নি ৰাখিলে।
আপোনালোকে ধনৰ বিনিময়ত মোক খাবলৈ আহাৰ আৰু পান কৰিবলৈও পানী বেচিব। কেৱল আপোনাৰ দেশৰ মাজেদি মোক খোজকাঢ়ি যাবলৈ দিয়ক।
চেয়ীৰ-নিবাসী এচৌৰ বংশধৰসকলে আৰু আৰ নগৰ নিবাসী মোৱাবীয়াসকলে মোক তেওঁলোকৰ দেশৰ মাজেদি খোজকাঢ়ি যাবলৈ দিয়াৰ দৰে আপুনিও মোক ঈশ্বৰ যিহোৱাই যি দেশ আমাক দিছে, যৰ্দ্দন নদী অতিক্রম কৰি সেই দেশ নোপোৱা পর্যন্ত আপোনাৰ দেশৰ মাজেদি পাৰ হৈ যাবলৈ দিয়ক।”