লেবীয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰোণৰ বংশৰ এজন পুৰোহিত লেবীয়াসকলৰ লগত থকা উচিত। লেবীয়া সকলে দশম ভাগৰ দশম ভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে।
গননা 18:26 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 “তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা। |
লেবীয়াসকলে দশমভাগ লোৱাৰ সময়ত হাৰোণৰ বংশৰ এজন পুৰোহিত লেবীয়াসকলৰ লগত থকা উচিত। লেবীয়া সকলে দশম ভাগৰ দশম ভাগ আমাৰ ঈশ্বৰৰ গৃহৰ ভঁৰালৰ গুদামলৈ আনিব লাগে।
পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।
তোমালোকে পুৰুষানুক্ৰমে প্ৰথমে উৎপন্ন হোৱা শস্যৰ নিজ নিজ খৰচিয়া আটাৰ কিছু উত্তোলনীয় নৈবেদ্যস্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবা।
আৰু চোৱা, লেবীৰ সন্তানসকলে কৰা দাস্যকৰ্মৰ, সাক্ষাৎ কৰা তম্বুৰ কাৰ্যৰ বেচ স্বৰূপে মই তেওঁলোকৰ উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ মাজৰ আটাই দশম ভাগ দিলোঁ।
তোমালোকে সেই উপহাৰ মৰণা মৰা ঠাইৰ শস্য আৰু কুণ্ড পূৰ কৰা দ্ৰাক্ষাৰস যেন বুলি তোমালোকৰ পক্ষে গণিত হ’ব।
লেবীৰ সন্তান সকলৰ মাজৰ যি সকলে পুৰোহিত বাব পালে, তেওঁলোকে নিজৰ ভাই ইস্ৰায়েলী সন্তান সকলৰ পৰা বিধান অনুসাৰে দশমাংশ গ্রহণ কৰাৰ আদেশ পালে, যদিও তেওঁলোক উভয়েই অব্রাহামৰ বংশধৰ।