Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




নহি 10:39 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

39 পবিত্ৰ বস্তুবোৰ ৰখা গুদাম, যি ঠাইত পুৰোহিতে পৰিচৰ্যা কৰে, আৰু য’ত দুৱৰী আৰু গায়কসকল থাকে, সেই ঠাইবোৰলৈ ইস্ৰায়েলৰ লোকসকল আৰু লেবীৰ বংশৰ লোকসকলে শস্য, নতুন দ্ৰাক্ষাৰস, আৰু তেলৰ, বৰঙণি যোগান ধৰে। আমাৰ ঈশ্বৰৰ গৃহক আমি অৱহেলা নকৰিম।

অধ্যায়টো চাওক কপি কৰক




নহি 10:39
12 পৰস্পৰ সংযোগসমূহ  

কোনো কোনো জনৰ দস্তুৰ মতে আমি গোট হৈ সমৱেত হোৱাৰ অভ্যাস ত্যাগ নকৰোঁ আহক; কিয়নো দিন যিমান ওচৰ হৈ আহিছে, সিমানে অধিককৈ পৰস্পৰে পৰস্পৰক উদগাওহক।


তেতিয়া তেওঁলোকে উপহাৰ, দশম ভাগ আৰু পবিত্ৰীকৃত বস্তুবোৰ বিশ্বাসীৰূপে ভিতৰলৈ আনিলে৷ সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবীয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁৰ ভায়েক চিমিয়ী আছিল।


আমাৰ ঈশ্বৰ যিহোৱাৰ গৃহ সেই ঠাইত আছে বাবেই মই তোমাৰ মঙ্গল বিচাৰি প্ৰার্থনা কৰিম।


আপোনালোকৰ শস্য, নতুন দ্ৰাক্ষাৰস বা তেলৰ দশমভাগ নাইবা গৰু-ছাগলী, মেৰ আদিৰ প্ৰথমে জগা পোৱালি, সঙ্কল্প সিদ্ধ কৰিবৰ কাৰণে দিয়া কোনো নৈবেদ্য, ইচ্ছাকৃত বিশেষ দান বা আপোনালোকৰ হাতেৰে আগবঢ়োৱা নৈবেদ্য আপোনালোকে নিজৰ নগৰৰ দুৱাৰৰ ভিতৰত খাব নোৱাৰিব;


এই হেতুকে তুমি তেওঁলোকক কোৱা, ‘তোমালোকে যেতিয়া তাৰ পৰা উত্তম ভাগ উত্তোলনীয় উপহাৰ স্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া সেয়ে লেবীয়াসকলৰ পক্ষে মৰণা মৰা ঠাইত মৰা শস্য আৰু কুণ্ডৰ পৰা উলিওৱা দ্ৰাক্ষাৰস যেন গণিত হ’ব।


তাতে তেওঁলোকে গৈ প্রৱেশদ্বাৰৰ প্রহৰীসকলক মাতি ক’লে, “আমি অৰামীয়াসকলৰ ছাউনিলৈ গৈছিলোঁ; তাত কোনো মানুহ নাই আৰু কাৰো সাৰ-শব্দও নাই; কেৱল ঘোঁৰা আৰু গাধবোৰ বন্ধা আছে, আৰু তম্বুবোৰো যেনে আছিল তেনেভাৱেই আছে।”


“তুমি লেবীয়াসকলক এই আজ্ঞা দি কোৱা, ‘তোমালোকক উত্তৰাধিকাৰৰ অৰ্থে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা যি দশম ভাগ যিহোৱাই দিলে, তাক যেতিয়া তোমালোকে ইস্ৰায়েলৰ সন্তানসকলৰ পৰা গ্ৰহণ কৰিবা, তেতিয়া তোমালোকে যিহোৱাৰ উদ্দেশ্যে উত্তোলনীয় উপহাৰ স্বৰূপে সেই দশম ভাগৰো দশম ভাগ উৎসৰ্গ কৰিবা।


তেতিয়া, হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে।


জৰুব্বাবিল আৰু নহিমিয়াৰ দিনত ইস্ৰায়েলৰ লোকসকলে প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে গায়ক আৰু দুৱৰী সকলক প্রতিদিনৰ অংশ দিছিল। তেওঁলোকে লেবীয়া সকলৰ বাবে কিছু অংশ আৰু লেবীয়া সকলে হাৰোণৰ বংশৰ লোক সকলৰ বাবে কিছু অংশ পৃথক কৰি ৰাখিছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন