আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
গননা 15:36 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, গোটেই সমাজে তেওঁক ছাউনিৰ বাহিৰলৈ লৈ গৈ, তেওঁ মৰাকৈ, তেওঁলৈ শিল দলিয়ালে। |
আৰু সেই অসৎ লোক দুজনে প্রৱেশ কৰি তেওঁৰ আগত বহিল। তেতিয়া সেই লোক দুজনে নাবোতৰ বিৰুদ্ধে লোকসকলৰ আগত এই সাক্ষ্য দি ক’লে বোলে, “নাবোতে ঈশ্বৰক আৰু ৰজাকো শাও দিলে।” তেতিয়া লোকসকলে তেওঁক নগৰৰ বাহিৰলৈ উলিয়াই আনিলে, আৰু শিল দলিয়াই তেওঁক বধ কৰিলে।
“তুমি ইস্ৰায়েলৰ সন্তানসকলক পুনৰ কোৱা, ‘ইস্ৰায়েলৰ সন্তান সকলৰ যিকোনোৱে বা ইস্ৰায়েলৰ মাজত প্ৰবাস কৰা যিকোনো বিদেশীয়ে নিজ সন্তানৰ কোনো এজনক মোলক দেৱতাৰ উদ্দেশ্যে দান কৰিব, তেওঁৰ অৱশ্যে প্ৰাণদণ্ড হ’ব। দেশীয় লোকসকলে তেওঁক শিল দলিয়াই বধ কৰিব।
পাছত যিহোৱাই মোচিক ক’লে, “সেই মানুহৰ প্ৰাণদণ্ড অৱশ্যে হ’ব লাগে; গোটেই সমাজে তাক ছাউনিৰ বাহিৰলৈ নি শিল দলিয়াই বধ কৰিব।
তেতিয়া ল’ৰাজন নিবাস কৰা নগৰৰ সকলো লোকে ল’ৰা জনক শিল দলিয়াই বধ কৰিব। এইদৰে আপোনালোকে আপোনালোকৰ মাজৰ পৰা দুষ্টতা দূৰ কৰিব। তাতে ইস্ৰায়েলৰ লোকসকলে এই বিষয়ে শুনি ভয় পাব।
পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷