তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
ওবদি 1:1 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 ওবদিয়াৰ দৰ্শন। প্ৰভু যিহোৱাই ইদোমৰ বিষয়ে চিন্তা কৰি ক’লে: আমি যিহোৱাৰ পৰা বাৰ্ত্তা শুনিলোঁ, আৰু দেশীবাসীৰ মাজলৈ এজন ৰাজদূত পঠালোঁ। তেওঁ কৈছিল, “উঠা, তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ তোমালোক উঠা।” |
তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
সেয়ে এচৌৱে চেয়ীৰৰ পাহাৰীয়া এলেকাত গৈ স্থায়ীভাৱে বাস কৰিবলৈ ধৰিলে; সেই এচৌৰ আন এটা নাম আছিল ইদোম।
হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”
দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
তেতিয়া মই যিহোৱাৰ হাতৰ পৰা সেই পান-পাত্ৰ লৈ, যিহোৱাই যিবোৰ জাতিৰ ওচৰলৈ মোক পঠিয়ালে, তেওঁলোকক পান কৰোৱালোঁ,
তোমালোকৰ হৃদয় সাহ নাইকিয়া নহওক, বা দেশত শুনা জনৰবৰ নিমিত্তে তোমালোকে ভয় নকৰিবা; কিয়নো এবছৰত এটি জনৰব হ’ব, আৰু দেশত অত্যাচাৰ, শাসনকৰ্ত্তাৰ অহিতে শাসনকৰ্ত্তা হ’ব।
যিহূদাৰ সন্তানসকলক কৰা অত্যাচাৰৰ কাৰণে মিচৰ ধ্বংসস্থান হ’ব, আৰু ইদোম ধ্বংস-অৰণ্য হ’ব, কিয়নো তেওঁলোকে নিজৰ দেশতে নিৰ্দ্দোষীৰ ৰক্তপাত কৰিলে।
কোনো এজনে তেওঁলোকৰ বাবে বাট ভাঙি উলিয়াবলৈ তেওঁলোকৰ আগে আগে যাব; তেওঁলোকে দুৱাৰ ভাঙিব; আৰু দুৱাৰৰ মাজেৰে বাহিৰ ওলাই যাব; তেওঁলোকৰ ৰজা তেওঁলোকৰ আগেয়ে ওলাই যাব, যিহোৱা তেওঁলোকৰ আগধৰোঁতা হ’ব।
তোমালোকে ৰণৰ কথা আৰু যুদ্ধৰ সম্ভাৱনাৰ বাতৰি শুনিবা৷ সাৱধান হোৱা, ব্যাকুল নহ’বা; কিয়নো এইদৰে ঘটিব লাগে; কিন্তু তেতিয়াও শেষ নহব।
তোমালোকে যেতিয়া ৰণৰ কথা আৰু যুদ্ধ হোৱাৰ সম্ভাৱনাৰ বাতৰি শুনিবা, তেতিয়া উদ্বিগ্ন নহ’বা; কাৰণ এইবোৰ ঘটিব লাগে; কিন্তু শেষ সময় তেতিয়াও আহিবলৈ আছেই।