46 তোমালোকৰ হৃদয় সাহ নাইকিয়া নহওক, বা দেশত শুনা জনৰবৰ নিমিত্তে তোমালোকে ভয় নকৰিবা; কিয়নো এবছৰত এটি জনৰব হ’ব, আৰু দেশত অত্যাচাৰ, শাসনকৰ্ত্তাৰ অহিতে শাসনকৰ্ত্তা হ’ব।
শুনা, মই তেওঁৰ অন্তৰত এক আত্মা স্থিতি কৰিম; তেওঁ এক সম্বাদ শুনিব আৰু নিজৰ দেশলৈ উভটি যাব; মই তেওঁক নিজৰ সেই ঠাইতে তৰোৱালেৰে নিপাত কৰিম’।”
কিয়নো অম্মোনৰ আৰু মোৱাবৰ সন্তান সকলে নিঃশেষে বিনষ্ট আৰু সংহাৰ কৰিবলৈ, চেয়ীৰ-নিবাসীসকলৰ বিৰুদ্ধে উঠি আহিছিল৷ যেতিয়া তেওঁলোকে চেয়ীৰ নিবাসীসকলক সংহাৰ কৰি উঠিছিল, তেতিয়া তেওঁলোকে নিজৰ মাজতে ইজনে সিজনক বিনষ্ট কৰিলে।
কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;
সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া।
“মই মিচৰীয়াসকলৰ বিৰুদ্ধেই মিচৰীয়াসকলক উচটাম; মানুহে নিজৰ ভাইৰ বিৰুদ্ধে, আৰু নিজৰ চুবুৰীয়াৰ বিৰুদ্ধে যুদ্ধ কৰিব; নগৰৰ বিৰুদ্ধে নগৰ, আৰু ৰাজ্যৰ বিৰুদ্ধে ৰাজ্যই যুদ্ধ কৰিব।
ভয় নকৰিবা, কিয়নো মই তোমাৰ লগত আছোঁ; মই পূৱ দিশৰ পৰা তোমাৰ বংশক আনিম, আৰু পশ্চিম দিশৰ পৰা তোমাক গোটাম।
“কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”
কিন্তু এইবোৰ ঘটনা ঘটিবলৈ আৰম্ভ হ’লে, মূৰ দাঙি ওপৰলৈ চোৱা, কিয়নো তোমালোকৰ পৰিত্ৰাণ ওচৰ চাপিছে।”
তিনিশ শিঙা বজাই দিওঁতে, যিহোৱাই এনে কৰিলে যাৰ ফলত প্ৰতিজন মিদিয়নীয়াৰ তৰোৱাল তেওঁলোকৰ নিজৰ লগৰীয়া আৰু সৈন্যসকলৰে বিৰুদ্ধে চলিল; তাতে মিদিয়নীয়া সৈন্যসকলে টব্বতৰ ওচৰত থকা আবেল-মহোলাৰ সীমা পর্যন্ত আৰু চৰেৰাৰ ফালে বৈৎচিত্তালৈকে পলাই গ’ল।