কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল।
উপ 9:15 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক সোঁৱৰণ নকৰিলে। |
কিন্তু তথাপিও যোচেফক সহায় কৰিবলৈ প্ৰধান পান-পাত্ৰ ধৰোঁতাৰ মনত নপৰিল; যোচেফৰ কথা তেওঁ একেবাৰে পাহৰি গ’ল।
তেতিয়া সেই মহিলা গৰাকীয়ে তেওঁৰ সকলো জ্ঞানত লোকসকলৰ ওচৰলৈ গ’ল৷ তেওঁলোকে বিখ্ৰীৰ পুত্ৰ চেবাৰ মূৰ কাটি যোৱাবৰ ওচৰলৈ বাহিৰলৈ পেলাই দিলে। তেতিয়া তেওঁ শিঙা বজালে আৰু তেওঁৰ লোকসকলৰ প্ৰতিজনে সেই নগৰখন এৰি নিজ নিজ ঘৰলৈ গ’ল। পাছত যোৱাব যিৰূচালেমলৈ ৰজাৰ ওচৰলৈ ঘূৰি আহিল৷
মানুহে অজ্ঞানীক যেনেদৰে মনত নাৰাখে, তেনেদৰে জ্ঞানীকো বেছি দিন মনত নাৰাখে; ভবিষ্যতে তেওঁলোক দুয়োকে মানুহে পাহৰি যাব। অজ্ঞানীজন মৰাৰ দৰে জ্ঞানীও মৰে।
এজন অজ্ঞান বৃদ্ধ ৰজা, যিজনে কোনো সতর্কবাণীলৈ কাণ নিদিয়ে আৰু নুবুজেও, তেনে ৰজাতকৈ বৰং দৰিদ্র অথচ জ্ঞানী যুবকেই শ্রেয়।
দহজন শাসনকর্তাই এখন নগৰক যিমান শক্তিশালী কৰে, প্রজ্ঞাই এজন জ্ঞানৱানক তাতোকৈ অধিক পৰিমাণে শক্তিশালী কৰে।
তাৰ পাছত মই দেখিলোঁ যে, কেনেকৈ দুষ্ট লোকক সন্মানেৰে মৈদাম দিয়া হৈছিল। এই দুষ্ট লোকসকলে পবিত্ৰ স্থানত অহা-যোৱা কৰিছিল; যি নগৰত তেওঁলোকে দুষ্টতাৰ কার্য কৰিছিল, সেই নগৰৰ লোকসকলে তেওঁলোকক প্রশংসা কৰিলে। ইও অসাৰ।