14 এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক অৱৰোধ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
ইয়াৰ কিছু কালৰ পাছত অৰামৰ ৰজা বিন-হদদে নিজৰ সকলো সৈন্যসামন্তক একগোট কৰি চমৰিয়া নগৰ অৱৰোধ কৰি আক্রমণ কৰিবলৈ আহিল।
কিয়নো তোমাৰ কৃপাদৃষ্টিৰ কাল তুমি নজনা কাৰণে, যি কালত তোমাৰ শত্ৰুবোৰে তোমাৰ চাৰিওফালে গড় বান্ধি তোমাক বেৰি ধৰিব আৰু চাৰিওফালৰ পৰা তোমাক আগচি ধৰিব,
কিন্তু যিবোৰ গছৰ ফল খাব পৰা নাযায় বুলি জানিব, কেৱল তেনে গছহে কাটি নষ্ট কৰিব পাৰিব আৰু যি ঠাইৰ লোকসকলে আপোনালোকৰ লগত যুদ্ধ কৰিব, তেওঁলোকৰ পতন নোহোৱালৈকে সেই গছবোৰক আপোনালোকে আত্মৰক্ষাৰ গড় কৰি ব্যৱহাৰ কৰিব পাৰিব।
মই সূৰ্যৰ তলত প্রজ্ঞা সম্বন্ধে আন এক বিষয় দেখিলোঁ আৰু সেয়ে মোলৈ অতি গুৰুতৰ বোধ হ’ল।