তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে।
ইষ্ট 6:11 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 তেতিয়া হামনে সেই ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা ল’লে, আৰু মৰ্দখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ফুৰালে। তেওঁ মৰ্দখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব।” |
তাৰ পাছত ৰজা দাৰিয়াবচে দিয়া আদেশ অনুসাৰে তত্তনয়, চথৰ-বোজনয়, আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে।
তেতিয়া ৰজাই হামনক ক’লে, “বেগাই আহাঁ, তুমি ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা লোৱা, আৰু তুমি কোৱাৰ দৰে ৰাজদুৱাৰত বহি থকা যিহুদী মৰ্দখয়লৈ সেই দৰেই কৰা। তুমি কোৱা কথাৰ এটা কথাও ত্ৰুটি নকৰিবা।”
তাৰ পাছত মৰ্দখয় ৰাজ-দুৱাৰলৈ উলটি গ’ল। কিন্তু হামনে শোক কৰি কাপোৰেৰে মুৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ’ল।
তাৰ পাছত মৰ্দখয়ে নীলা আৰু বগা ৰাজবস্ত্ৰ পিন্ধি সোণৰ ডাঙৰ কিৰীটি মুৰত লৈ, মিহি শণ সুতাৰে আৰু বেঙেনা বৰণীয়া সুতাৰে বনোৱা এটা চোলা পিন্ধি ৰজাৰ সন্মুখৰ পৰা আঁতৰি গ’ল। চুচন নগৰত লোক সকলে জয়-ধ্বনি কৰি আনন্দ কৰিলে।
প্ৰদেশ বোৰৰ সকলো কৰ্মচাৰী, প্রদেশৰ দেশাধ্যক্ষ, দেশাধ্যক্ষ সকল, আৰু ৰাজ-কৰ্মচাৰী সকলে যিহুদী লোকসকলক সহায় কৰিছিল; কাৰণ মৰ্দখয়ৰ প্রতি তেওঁলোকৰ ভয় জন্মিছিল।
যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।
তেওঁলোক তোমাক প্রণিপাত কৰিবলৈ আহিব, তোমাক কষ্ট দিয়াসকলৰ সন্তানবোৰ মূৰ দোঁৱাই তোমাৰ চৰণত পৰি প্রণিপাত কৰিব, তেওঁলোকে তোমাক যিহোৱাৰ নগৰ, ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাৰ চিয়োন বুলি মাতিব।
চোৱা! চয়তানৰ সমাজৰ যি লোক সকলে নিজকে ইহুদী বোলে, কিন্তু ইহুদী নহয়, বৰং মিছাকৈয়ে কয়; এনেকুৱা মানুহক উপস্থিত কৰাই মই তোমাৰ চৰণত প্ৰণিপাত কৰাম, তাতে মই যে তোমাক প্ৰেম কৰিলোঁ, সেই বিষয়ে তেওঁলোকে জানিব।