12 তাৰ পাছত মৰ্দখয় ৰাজ-দুৱাৰলৈ উলটি গ’ল। কিন্তু হামনে শোক কৰি কাপোৰেৰে মুৰ ঢাকি নিজৰ ঘৰলৈ বেগাই গ’ল।
পাছত দায়ুদ জৈতুন পৰ্বতলৈ উঠি যোৱা বাটেদি খালি ভৰিৰে উঠি গ’ল৷ তেওঁ ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল আৰু তেওঁৰ মূৰ ঢকা আছিল৷ তেওঁৰ লগৰ লোকসকলে প্ৰতিজনেও নিজ নিজ মূৰ ঢাকিলে আৰু ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল।
পাছত যেতিয়া অহীথোফলে নিজৰ পৰামৰ্শৰ দৰে কাম নোহোৱা দেখিলে তেতিয়া তেওঁ নিজৰ গাধ সজাই তাত উঠি গুছি গ’ল। তেওঁ নিজ নগৰত থকা নিজ ঘৰলৈ গৈ, নিজৰ ঘৰৰ বিষয়ে দিহা দি, নিজে নিজৰ ডিঙিত ফাঁচ লগালে৷ তাতে তেওঁৰ এনেদৰে মৃত্যু হয় আৰু নিজ পিতৃৰ মৈদামতে তেওঁক মৈদাম দিয়া হ’ল।
তেতিয়া ইস্ৰায়েলৰ ৰজা অসন্তুষ্ট হ’ল, আৰু খঙেৰে ঘৰলৈ গ’ল। পাছত চমৰিয়াত আহি উপস্থিত হ’ল।
তেতিয়া আহাবে খঙীয়াল আৰু অসন্তুষ্ট হৈ নিজ ৰাজ-গৃহলৈ ঘূৰি আহিল; কিয়নো যিজ্ৰিয়েলীয়া নাবোতে তেওঁক এই কথাষাৰেৰে উত্তৰ দিছিল বোলে, “মই মোৰ পৈতৃক সম্পত্তি আপোনাক নিদিওঁ।” তেওঁ নিজ শয্যাত বাগৰ দি, মুখ ঘূৰাই, অনাহাৰে থাকিল।
এনেতে ৰজাই তেওঁক ক’লে, “মই যিজ্ৰিয়েলীয়া নাবোতক কৈছিলোঁ, ‘তোমাৰ দ্ৰাক্ষাবাৰীখন মোলৈ বিক্ৰী কৰি দিয়া, বা তুমি যদি সন্তুষ্ট হোৱা তেনেহলে তাৰ সলনি মই তোমাক আন এখন দ্ৰাক্ষাবাৰীও দিম।’ তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, ‘মই মোৰ দ্ৰাক্ষাবাৰী আপোনাক নিদিওঁ’।”
তেতিয়া অজৰিয়া, প্ৰধান পুৰোহিত আৰু আন পুৰোহিতসকলে তেওঁলৈ চালে আৰু তেওঁৰ কপালত কুষ্ঠ ৰোগ হোৱা দেখিলে। তেতিয়া তেওঁক সেই ঠাইৰ পৰা বেগাই খেদি দিলে; তেওঁ নিজেও বাহিৰলৈ যাবৰ বাবে খৰখেদা কৰিলে; কিয়নো যিহোৱাই তেওঁক আঘাত কৰিছিল৷
দ্বিতীয়বাৰ কুমাৰী সকল গোট খোৱাৰ সময়ত মৰ্দখয়ে ৰাজ-দুৱাৰত বহি আছিল।
তেতিয়া হামনে সেই ৰাজ-বস্ত্ৰ আৰু ঘোঁৰা ল’লে, আৰু মৰ্দখয়ক বস্ত্ৰ পিন্ধাই ঘোঁৰাত তুলি নগৰৰ মাজেৰে ফুৰালে। তেওঁ মৰ্দখয়ৰ আগে আগে এই কথা ঘোষণা কৰিলে যে, “ৰজাই যি জনক সন্মান দিবলৈ ইচ্ছা কৰে, তেওঁলৈ এইদৰে কৰা হ’ব।”
তাৰ পাছত ৰজাই ৰাজপ্রসাদৰ বাগিছাৰ পৰা দ্ৰাক্ষাৰস পান কৰা কোঁঠালিলৈ উভটি আহিল। সেই সময়ত ইষ্টেৰে বহা আসনত হামন পৰি আছিল। ৰজাই ক’লে, “এই ব্যক্তিয়ে মোৰ গৃহত মোৰ সন্মুখত ৰাণীক বলাৎকাৰ কৰিব খুজিছে নেকি? এই কথা ৰজাৰ মুখৰ পৰা ওলোৱাৰ লগে লগে দাসসকলে হামনৰ মুখ ঢাকি ধৰিলে।
দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?
তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে।