ইয়ো 7:3 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 অসাৰ মাহ কেইটা অধিকাৰ স্বৰূপে মোক ভোগ কৰোঁৱা হৈছে, আৰু ক্লেশৰ ৰাতি কেইটা মোলৈ নিৰূপিত আছে। |
সন্ধিয়াৰ ছাঁলৈ হাবিয়াহ কৰা বন্দীৰ নিচিনাকৈ, আৰু নিজ বেচৰ বাবে অপেক্ষা কৰা চাকৰৰ নিচিনাকৈ,
চোৱা, তুমি মোৰ দিনবোৰ এবেগেতীয়া কৰিলা; তোমাৰ দৃষ্টিত মোৰ জীৱনকাল একো নোহোৱাৰ নিচিনা; বাস্তৱিক, সকলো মানুহ এক নিশ্বাস মাথোন। (চেলা)
মই কেঁকাই কেঁকাই ক্লান্ত হৈ পৰিছো; গোটেই নিশা কান্দি-কান্দি মই মোৰ শয্যা চকুৰ পানীৰে তিয়াও; মোৰ বিচনা তিতি যায়।
সূর্যৰ তলত যি যি কৰা হয়, সেই সকলোকে মই চালোঁ; দেখিলোঁ, এই সকলো অসাৰ আৰু কেৱল বতাহক ধৰিবলৈ চেষ্টা কৰাৰ নিচিনা।