ইয়ো 39:21 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 সি উপত্যকাত ভৰি মাৰে, আৰু নিজৰ বলত উল্লাস কৰে, সি অস্ত্ৰ–শস্ত্ৰেৰে সু-সজ্জিত হোৱা সৈন্যৰ সন্মূখলৈ ওলায় যায়। |
মই কাণ পাতি শুনিলোঁ; তেওঁলোকে যথাৰ্থ কথা নক’লে; “মই কি কৰিলোঁ?” এই বুলি কৈ কোনো মানুহে নিজ দুষ্টতাৰ নিমিত্তে খেদ নকৰে, যুদ্ধলৈ অতি বেগেৰে লৰ মাৰি যোৱা ঘোঁৰাৰ দৰে, তেওঁলোক প্ৰতিজনে নিজ নিজ পথলৈ ঘুৰে।
যিহোৱাই এই কথা কৈছে: জ্ঞানীয়ে নিজ জ্ঞানত গৌৰৱ নকৰক, বীৰে নিজ পৰাক্ৰমত, আৰু ধনীয়ে নিজ ধনত গৌৰৱ নকৰক।
তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
তাৰ পাছত পলেষ্টীয়াজনে চাৰিওফালে চাই দায়ূদক দেখা পালে আৰু তেওঁ তেওঁক হেয়জ্ঞান কৰিলে; কাৰণ তেওঁ কেৱল এজন ল’ৰা, তেওঁৰ বৰণ অলপ ৰঙচুৱা, আৰু মুখ সুন্দৰ আছিল।