Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




বিচাৰ 5:22 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।

অধ্যায়টো চাওক কপি কৰক




বিচাৰ 5:22
10 পৰস্পৰ সংযোগসমূহ  

যিহোৱাই কৈছে, “হে চিয়োন জীয়ৰী উঠা, আৰু প্রহাৰ কৰা; কাৰণ মই তোমাৰ শিং লোহাৰ আৰু তোমাৰ খুৰা পিতলৰ কৰিম; তুমি অনেক লোকক মাৰি চূৰ্ণ কৰিবা; মই যিহোৱাই নিজৰ বাবে তেওঁলোকৰ অন্যায়ৰ সম্পত্তি উৎসৰ্গ কৰিম, তেওঁলোকৰ অধিকাৰ গোটেই পৃথিবীৰ প্ৰভুৰ উদ্দেশ্যে উৎসৰ্গ কৰিম।”


কাৰণ সকলো পলেষ্টীয়াসকলে বিনষ্ট কৰিবৰ দিন, তূৰ আৰু চীদোনৰ পৰা, প্ৰত্যেক অৱশিষ্ট সহকাৰীক উচ্ছন্ন কৰিবৰ দিন আহিছে; কিয়নো যিহোৱাই পলেষ্টীয়াসকলক, কপ্তোৰ দ্বীপৰ অৱশিষ্ট ভাগক বিনষ্ট কৰিব।


তেওঁলোকৰ কাঁড়বোৰ চোকা, আৰু আটাই ধনু ভিৰোৱা; তেওঁলোকৰ ঘোঁৰাবোৰৰ খুৰা চকমকিয়া পাথৰৰ দৰে, আৰু তেওঁলোকৰ ৰথৰ চক্ৰবোৰ ধুমুহাৰ দৰে;


জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা; মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।


অনেকে তেওঁলোকৰ ৰথত, অনেকে তেওঁৰ ঘোঁৰাত অহংকাৰ কৰে; কিন্তু আমি হলে অহংকাৰ কৰোঁ আমাৰ ঈশ্বৰ যিহোৱাৰ নামত।


ঘোঁৰাক জানো তুমি বল দিলা? লৰি থকা কেশৰেৰে তাৰ ডিঙি জানো তুমি ভুষিত কৰিলা?


দানৰ পৰা শত্রু ঘোঁৰাবোৰৰ নাকৰ শব্দ শুনা গৈছে? তাৰ বলৱান ঘোঁৰাবোৰৰ ঢেকঢেকনিত গোটেই দেশ কঁপিছে; কিয়নো সিহঁতে আহি দেশ আৰু তাৰ মাজত থকা সকলো বস্তু, নগৰ আৰু তাৰ নিবাসীসকলক গ্ৰাস কৰিছে।


শত্ৰুৰ বলী ঘোঁৰাৰ খুৰাৰ খটখটনিত, ৰথৰ ঘৰ্ঘৰণিত, চক্ৰৰ গুমগুমনিত, পিতৃসকলৰ হাত দুখন দূৰ্ব্বল হোৱাৰ বাবে নিজ নিজ সন্তান সকললৈ ঘূৰি নাচাব।


তোগৰ্মা বংশীয় লোকসকলে ঘোঁৰা, যুদ্ধাৰু ঘোঁৰা আৰু খছৰ দি তোমাৰ বয়-বস্তুবোৰ লৈছিল।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন