মই যে দুষ্ট নহওঁ, আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?
ইয়ো 34:5 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে; |
মই যে দুষ্ট নহওঁ, আৰু তোমাৰ হাতৰ পৰা যে উদ্ধাৰ কৰোঁতা মোৰ কোনো নাই, ইয়াক তুমি জানানে?
তথাপি কান্দোতে কান্দোতে মোৰ মুখ বিকৃত হ’ল, আৰু মৃত্যুচ্ছায়া মোৰ চকুৰ পিৰঠিৰ ওপৰত আছে।
চোৱা, মই অন্যায়ৰ কাৰণে চিঞৰোঁ, কিন্তু কোনেও নুশুনে; মই উপকাৰ পাবলৈ কাতৰোক্তি কৰোঁ, কিন্তু সোধ বিচাৰ নাই।
যি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে, যি সৰ্ব্বশক্তিমান জনাই মোৰ প্ৰাণত তিতা লগালে, সেই জীৱন্ত ঈশ্বৰৰ নামেৰে শপত খাই কৈছোঁ,
মই ধাৰ্মিকতাক পিদ্ধিছিলোঁ, আৰু ধাৰ্মিকতাই মোক পিন্ধিছিল, আৰু মোৰ ন্যায়পৰায়ণতা গুণ মোৰ দমা চোলা আৰু পাগুৰিস্বৰূপ আছিল।
মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
মোৰ পথ যিহোৱাৰ পৰা গুপ্ত হৈ আছে, আৰু মোৰ গোচৰলৈ তেওঁ মন নিদিয়ে, হে যাকোব আৰু হে ইস্ৰায়েল, তুমি কিয় এনে কথা কৈছা?