29 মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
মই দুষ্ট হলে, মোক সন্তাপ হ’ব, ধাৰ্মিক হলেও মই অপৰাধেৰে পৰিপূৰ্ণ হৈ, নিজৰ ক্লেশ দেখি মূৰ তুলিব নোৱাৰিম;
ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি উত্তৰ পোৱা যি মই, ময়েই বন্ধুৰ হাঁহিয়াতৰ পাত্ৰ হৈছোঁ; ধাৰ্মিক সিদ্ধ পুৰুষ জন হাঁহিয়াতৰ পাত্ৰ হৈছে।
চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।
কিন্তু আহাঁ, তোমালোক সকলোৱে পুনৰায় আৰম্ভ কৰা; আৰু মই তোমালোকৰ মাজত কাকো জ্ঞানী নাপাওঁ।
তেন্তে তোমালোকে জানিবা যে, ঈশ্বৰেহে মোৰ অন্যায় কৰিছে, আৰু তেওঁ নিজৰ জালেৰেই মোক মেৰাই ধৰিছে।
কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
কিয়নো ইয়োবে কৈছিল, যে,মই ধাৰ্মিক, তথাপি ঈশ্বৰে মোৰ বিচাৰ অগ্ৰাহ্য কৰিলে;
তেতিয়া ইয়োবে যিহোৱাক উত্তৰ দি ক’লে,
এই হেতুকে মই নিজকে ঘিণাইছোঁ, ধুলি আৰু ছাঁইত বহি মই খেদ কৰিছোঁ।”
তেতিয়া পুনৰায় তোমালোক ঘূৰি আহিবা; ধাৰ্মিক আৰু দুষ্টৰ মাজত, অর্থাৎ ঈশ্বৰৰ আৰাধনা কৰা লোকৰ আৰু তেওঁৰ আৰাধনা নকৰা লোকৰ মাজত প্ৰভেদ দেখিবলৈ পাবা।”