ইয়ো 34:4 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 আহাঁ, যি ন্যায়, তাক আমি বাচি লওঁহঁক; যি ভাল, তাক আমাৰ মাজত নিশ্চয় কৰোঁহক। |
আপোনালোক জগতৰ অনুৰূপ নহ’ব; কিন্তু মন নতুন কৰাৰ যোগেদি ৰূপান্তৰিত হওক, তাতে আপোনালোকে পৰীক্ষা কৰি জানি লওঁক, কোনটো উত্তম, গ্ৰহণীয় আৰু সিদ্ধ, কিয়নো এয়ে ঈশ্বৰৰ ইচ্ছা৷
যি কোনোৱে ইয়াক দেখিলে, সেই লোকসকলে নিজৰ মাজতে ক’লে, “ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা ওলাই অহা দিনৰে পৰা আজিলৈকে এনেকুৱা কেতিয়াও হোৱা নাই, আৰু দেখা নাই; এই বিষয়ে ভালকৈ বিবেচনা কৰি, কি কৰা উচিত তাকে কোৱা!”