24 উপৰুৱাকৈ চাই বিচাৰ নকৰিব, বৰং ন্যায়-বিচাৰ কৰক।”
“কিমান কাললৈকে তোমালোকে অন্যায় বিচাৰ কৰিবা আৰু দুষ্টবোৰৰ পক্ষত থাকিবা? (চেলা)
যি জনে দুষ্টক নিৰ্দোষী কৰে, আৰু ধাৰ্মিকক দোষী কৰে, তেওঁলোক দুয়ো সমানে যিহোৱাৰ ঘিণলগীয়া।
এই সকলো জ্ঞানী লোকৰ বচন। বিচাৰত পক্ষপাত কৰা উচিত নহয়।
ভেঁটীৰ বাবে যি সকলে দুষ্টক নিৰ্দ্দোষী কৰে, আৰু নির্দ্দোষীক ধাৰ্মিকতাৰ পৰা বঞ্চিত কৰে।
তোমালোকে বিচাৰত অন্যায় নকৰিবা; বিচাৰত তুমি দুখীয়াৰ মুখলৈ নাচাবা আৰু সম্ভ্ৰান্ত লোকক সমাদৰ নকৰিবা; কিন্তু তুমি ধাৰ্মিক ভাৱে নিজ চুবুৰীয়াৰ বিচাৰ নিস্পত্তি কৰিবা।
বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
তেতিয়া যিৰূচালেমৰ কেইজনমান লোকে ক’লে, “যি জনক তেওঁলোকে বধ কৰিবলৈ বিচাৰিছে, এৱেঁই জানো সেই জন নহয়?
আপোনালোকে মাংসিক ভাব অনুসাৰে সোধ-বিচাৰ কৰিছে; মই এনেদৰে লোকৰ বিচাৰ নকৰোঁ।
সন্মুখত যি আছে, সেয়া আপোনালোকে স্পষ্ট দৃষ্টিৰে চাওক৷ কোনোৱে যদি নিজকে খ্ৰীষ্টৰ পাঁচনি বুলি নিজ প্ৰমাণত বিশ্বাস কৰে, তেনেহলে তেখেত যেনেকৈ খ্ৰীষ্টৰ, আমিও তেনেকৈ বুলি তেখেতে নিজে পুনৰায় বিবেচনা কৰি জানক।
হে মোৰ ভাইসকল, আমাৰ মহিমাময় প্ৰভু যীচু খ্ৰীষ্টৰ সম্বন্ধীয় বিশ্বাস, পক্ষপাতেৰে ধাৰণ নকৰিব।
তেনেহলে আপোনালোকে নিজৰ মাজতে প্ৰভেদ ৰাখি, কু-বিবেচনা কৰা বিচাৰকৰ্তা সকলৰ দৰে পক্ষপাতী নহ’ল নে?
কিন্তু যদি পক্ষপাত কৰে, তেনেহলে পাপ কৰিছে, আৰু আজ্ঞা-লঙ্ঘনকাৰী বুলি বিধানৰ দ্বাৰাই দোষী কৰা হৈছে।