আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
ইয়ো 3:8 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক। |
আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
সেইদিনৰ প্রভাতীয় তৰা যেন অন্ধকাৰ হৈ যায়। সেই ৰাতিয়ে যেন প্ৰভাতৰ কাৰণে অপেক্ষা কৰে, কিন্তু সেই প্ৰভাত যেন কোনো দিন নাহে। সেইদিনে যেন সূৰ্যৰ প্ৰথম ৰশ্মি কেতিয়াও নেদেখক।
এনে হিংস্র লিবিয়াথনক জোকাব পৰা সাহিয়াল কোনো নাই; তেনেহলে মোৰ আগত থিয় হ’ব পৰা কোন আছে?
সেই দিনা যিহোৱাই তেওঁৰ চোকা, ডাঙৰ, আৰু শকত তৰোৱালৰ সৈতে, দ্ৰুতগামী লিবিয়াথন নাগক, আৰু বেকাঁবেঁকিকৈ যোৱা লিবিয়াথন নাগক দণ্ড দিব, আৰু সমুদ্ৰত থকা বৃহৎ জন্তুটোক বধ কৰিব।
সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু যিহোৱাই এই কথা কৈছে, “নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হায়! হায়! কৰিব; তেওঁলোকে খেতিয়কক শোক কৰিবলৈ, আৰু শোক কৰাসকলক বিলাপ কৰিবলৈ মাতিব।
‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’