Biblia Todo Logo
অনলাইন বাইবেল

- বিজ্ঞাপন -




2 বংশা 35:25 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

25 আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।

অধ্যায়টো চাওক কপি কৰক




2 বংশা 35:25
16 পৰস্পৰ সংযোগসমূহ  

আমাৰ নাকৰ নিশ্বাসস্বৰূপ যিহোৱাৰ সেই অভিষিক্ত জনক সিহঁতৰ গাতত ধৰা হ’ল, যি জনৰ বিষয়ে আমি কৈছিলোঁ, “জাতি সমূহৰ মাজত আমি তেওঁৰ ছাঁত জীয়াই থাকিম।”


তোমালোকে মৃত জনৰ বাবে নাকান্দিবা, আৰু সেইজনৰ বাবে বিলাপ নকৰিবা; কিন্তু দূৰলৈ যোৱা মানুহজনৰ নিমিত্তে বৰকৈ ক্ৰন্দন কৰা, কিয়নো তেওঁ আৰু উলটি নাহিব, বা নিজৰ জন্ম দেশ আৰু নেদেখিব’”।”


তাৰ পাছত যীচু সেই শাসনকৰ্তাৰ ঘৰলৈ গ’ল। তাত তেওঁ বাঁহীবাদক সকলক দেখিলে আৰু লোক সকলে হুলস্থুল কৰি থকা দেখা পালে।


দিনক শাও দিওঁতাবোৰে তাক শাও দিয়ক; বাহুক উচটাবলৈ নিপুণ লোকসকলে তাক শাও দিয়ক।


তুমি লিবানোনত উঠি চিঞৰা; আৰু বাচানত বৰকৈ মাতা, আৰু অবাৰীমৰ পৰা চিঞৰা, কিয়নো তোমাক প্ৰেম কৰোঁতা আটাইবিলাক বিনষ্ট হল।


সেই সময়ত মানুহে ওখ ঠাইত উঠি যাবলৈ ভয় খাব আৰু বাটত থকা বাধা-বিঘিনিৰ ওপৰেদি খোজ কাঢ়ি যাবলৈ ভয় খাব। তেতিয়া বাদাম গছত বগা ফুল ফুলিব, ফৰিঙৰ দৰে নিজকে টানি টানি খোজ কাঢ়িব, স্বাভাৱিক কামনা-বাসনা উত্তেজিত নহ’ব। তাৰ পাছতে মানুহ নিজৰ অনন্তকালৰ ঘৰলৈ গুছি যায় আৰু বিলাপকাৰীসকল শোভাযাত্রাৰ পথলৈ নামি যায়।


তেতিয়া দায়ূদে চৌল আৰু তেওঁৰ পুত্ৰ যোনাথন, এই মৃতকেইজনৰ বিষয়ে বিলাপেৰে গীত গালে।


ৰজাই অবনেৰৰ বিষয়ে বিলাপ কৰি গীত গালে, “অবনেৰো অজ্ঞানৰ দৰে মৰিব লাগেনে?


যোচিয়াৰ অৱশিষ্ট বৃত্তান্ত, যিহোৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁৰ উত্তম কাৰ্যবোৰ


তেওঁলোকৰ দাস-দাসী সকলক (তেওঁলোক সাত হাজাৰ তিনিশ সাতত্ৰিশ জন) আৰু তেওঁলোকৰ মন্দিৰৰ গায়ক-গায়িকা সকলক (দুশ জন) অন্তৰ্ভুক্ত কৰা হোবা নাছিল।


এয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে এই পুস্তক লিখিছিল। তেওঁ বিন্যামীন ফৈদৰ প্ৰদেশত থকা অনাথোৎ নিবাসীৰ এজন পুৰোহিত আছিল।


এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব। তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!


সেইবাবে বাহিনীগণৰ ঈশ্বৰ প্ৰভু যিহোৱাই এই কথা কৈছে, “নগৰৰ চকবোৰত লোকে বিলাপ কৰিব, আলিবোৰত হায়! হায়! কৰিব; তেওঁলোকে খেতিয়কক শোক কৰিবলৈ, আৰু শোক কৰাসকলক বিলাপ কৰিবলৈ মাতিব।


দুমাহৰ মূৰত তাই বাপেকৰ ওচৰলৈ উলটি আহিল; তাইৰ বাপেকে নিজে কৰা সঙ্কল্পৰ দৰে তাইলৈ কৰিলে; তাই কেতিয়াও কোনো পুৰুষৰ সৈতে সম্বন্ধ নকৰিলে। এই ঘটনাৰ পৰা ইস্ৰায়েলৰ মাজত এটা ৰীতি প্ৰচলিত হ’বলৈ ধৰিলে।


ইস্ৰায়েলীয়া যুৱতীসকলে প্রত্যেক বছৰে চাৰি দিনৰ বাবে গিলিয়দীয়া যিপ্তহৰ জীয়েকৰ কথা কৈ বিলাপ কৰে।


আমাক অনুসৰণ কৰক:

বিজ্ঞাপন


বিজ্ঞাপন