ইয়ো 21:27 - ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 চোৱা, মই তোমালোকৰ মনৰ ভাব জানিছোঁ; আৰু মোৰ বিৰুদ্ধে অন্যায়কৈ যিবোৰ মন্ত্ৰণা কৰিছা, সেইবোৰকো মই জানিছোঁ। |
দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
আৰু বন্ধু তিনি জনে ইয়োবক উত্তৰ দিব নোৱাৰিও তেওঁক দোষী কৰাত, তেওঁলাকলৈকো ইলীহুৰ ক্ৰোধ জ্বলি উঠিল।
যিহোৱাই ইয়োবক কথা কোৱাৰ পাছত, তেওঁ তৈমনীয়া ইলীফজক ক’লে, “তোমালৈ আৰু তোমাৰ দুজন বন্ধুলৈ মোৰ ক্ৰোধ প্ৰজ্বলিত হৈছে; কাৰণ মোৰ দাস ইয়োবে কোৱাৰ দৰে তোমালোকে মোৰ বিষয়ে যথাৰ্থ কথা কোৱা নাই।
তেওঁলোকে মোক বিনা-দোষে আক্ৰমণ কৰিবলৈ, দৌৰি দৌৰি আহি যুগুত হৈছে; তুমি মোৰ উপকাৰলৈ জাগি উঠা, মোলৈ দৃষ্টি কৰা।
কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?
কিয়নো কোনোৱে যদি ঈশ্বৰৰ উদ্দেশ্যে বিবেকৰ কাৰণে অন্যায় ভোগ কৰি দুখ সহন কৰে, তেনেহলে সেয়েই প্ৰশংসনীয়।